নলবাৰী, 19 চেপ্তেম্বৰঃ সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে নলবাৰী জিলাৰ মুকালমুৱাত বাঘ হাজৰিকা ঐক্য মঞ্চ বৰক্ষেত্ৰী আঞ্চলিক সমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মুকালমুৱা থানাৰ সন্মুখত শনিবাৰে হিন্দুত্ববাদী নেতাজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ কৰে সংগঠনটোৱে ।
ইপিনে শনিবাৰে বিৰ্তকিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে মুকালমুৱা থানাত এজাহাৰ দাখিল কৰে বাঘ হাজৰিকা ঐক্য মঞ্চ বৰক্ষেত্ৰী আঞ্চলিক সমিটিয়ে ।
লগতে পঢ়কঃ হোজাইত দুৰ্ভগীয়া পৰিয়ালক আইন সেৱা প্ৰাধিকৰণৰ এককালীন সাহাৰ্য প্ৰদান