ETV Bharat / state

নলবাৰীৰ সূৰ্যমুখী ফুলে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত - নিৱনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷

নলবাৰীত শিক্ষিত কৃষকে সূৰ্যমুখী ফুলৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাট মুকলি কৰিছে ৷ তিনি বিঘা মাটিত ফুলৰ খেতি কৰি যুৱকজন আন বহুতো লোকৰ বাবে আদৰ্শ হৈ পৰিছে ৷ কৃষি বিভাগৰ পৰা সহায়ৰ লগতে সকলো সময়তে দিহা-পৰামৰ্শ বিচাৰিছে কৃষকজনে ৷

Farming of Sunflower at nalbari , Earn money by Farming
নলবাৰীৰ পথাৰত লক্ষ্য লক্ষ্য সূৰ্যমুখীৰ হাঁহি
author img

By

Published : May 12, 2020, 2:49 PM IST

নলবাৰী, 12 মে' : লক্ ডাউনৰ মাজতে নলবাৰী জিলাৰ বেলশৰৰ এখন পথাৰত বিৰিঙিছে সূৰ্যমুখীৰ হাঁহি ৷ শিক্ষিত কৃষক উৎপল বৰ্মনৰ একান্ত প্ৰচেষ্টাত অতি নান্দনিক ৰূপত ফুলি উঠিছে মনোৰম সূৰ্যমুখী ফুল সমূহ ৷

বেলশৰ ন-পাৰাৰ আদৰ্শ কৃষক জনে জনোৱা অনুসৰি, অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা বীজ সংগ্ৰহ কৰি প্ৰথম বাৰৰ বাবে প্ৰায় তিনি বিঘা কৃষিভূমিত বাণিজ্যিক ভিত্তিত সূৰ্যমুখীৰ খেতি আৰম্ভ কৰি সফলতাৰ মুখ দেখিছে । কোনো ধৰণৰ বৈদ্যুতিক মটৰ নথকা কৃষকজনে নিজৰ অদম্য আগ্ৰহ আৰু অশেষ কষ্টৰে তেওঁ নিজৰ ঘৰুৱা দমকলৰেই জলসিঞ্চনৰ অভাৱ পূৰণ কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে । লক্ ডাউনৰ মাজতো বজাৰত প্ৰচুৰ চাহিদা থকা এই সূৰ্যমুখী ফুলৰ পৰা কৃষকজন লাভৱান হ'ব বুলি আশাবাদী ৷

আনহাতে, আগন্তক বছৰত কৃষকজনে প্ৰায় দহ বিঘা মাটিত এই খেতি কৰাৰ পৰিকল্পনা কৰিছে ৷ ভৱিষ্যতে তেওঁ কৃষি বিভাগৰ পৰা সাহায্যৰ লগতে সকলো সময়তে দিহা-পৰামৰ্শ বিচাৰিছে ৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা কৃষকজন আন বহুতো নিৱনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে পঢ়ক : চৰকাৰে শীঘ্ৰেই পূঁজি ঘোষণা কৰিব : গাডকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.