ETV Bharat / state

এই পৰ্যন্ত পৰিয়ালৰ লোকে চমজি লোৱা নাই ফালু দাসৰ মৃতদেহ

author img

By

Published : Oct 27, 2019, 10:10 AM IST

Updated : Oct 27, 2019, 5:36 PM IST

জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ফালু দাসৰ মৃতদেহ পৰিয়ালৰলোকে চমজি ল'বলৈ অস্বীকাৰ কৰাত আজিলৈকে চিকিৎসালয়খনৰ মৰ্গতে পৰি ৰৈছে লোকজনৰ মৃতদেহ ৷

জি এম চি এইচৰ মৰ্গতে পৰি ৰৈছে মুকালমুৱাৰ ফালু দাসৰ মৃতদেহ

নলবাৰী, 27 অক্টোবৰঃ গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত বন্দী হৈ থকা অৱস্থাত ফালু দাসৰ মৃত্যুক কেন্দ্ৰ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে । জি এম চি এইচত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ফালু দাসৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি ল'বলৈ অস্বীকাৰ কৰাত আজিলৈকে চিকিৎসালয়খনৰ মৰ্গতে পৰি ৰৈছে লোকজনৰ মৃতদেহ ৷ নিশা ভূক্তভুগী পৰিয়ালটোৰ বাসগৃহত উপস্থিত হয় কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিধায়কগৰাকীয়ে কয় যে, শাসনাধীন চৰকাৰখনে মানুহক বিদেশী সজাই ডিটেনচন কেম্পত বন্দী কৰি ৰাখে আৰু মৃত্যুৰ পিছত স্বদেশী সজাই নিজ নিজ বাসগৃহত মৃতদেহ থৈ যাব খোজে ৷ ডিটেনচন কেম্পত লোক সকলক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ বাবেই তিল তিলকৈ মৃত্যুমুখত পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷

বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

উল্লেখ যোগ্য যে, জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে ফালু দাসৰ মৃতদেহ পৰিয়ালটোক চমজি ল'বলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো প্ৰশাসনৰ এনে অনুৰোধ মানি ল'বলৈ অমান্তি হোৱাত বিষয়টোৱে জটিলতাৰ সৃষ্টি কৰিছে ৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে পৰিস্থিতিৰ বুজ লৈছে ৷

ফালু দাসৰ পৰিয়াল

Intro:GMCHৰ মৰ্গতে পৰি ৰৈছে মুকালমুৱাৰ ফালু দাসৰ মূতদেহ

ভক্তভোগী পৰিয়ালক স্বদেশী ঘোষণা নকৰিলে সৎকাৰ নকৰে মৃতদেহ

নিশা ফালু দাসৰ বাসগৃহত কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থBody:ডিটেনচন কেম্পত মৃত্যু হোৱা নলবাৰী জিলাৰ মুকালমুৱাৰ চতেমাৰীৰ ফালু দাসৰ ঘৰত নিশা উপস্থিত হয় কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। তেওঁ কয় যে, এই খন চৰকাৰে মানুহক মৃত্যুৰ আগত বিদেশী সজাই ডিটেনচন কেম্পত বন্দী কৰি ৰাখে আৰু মৃত্যুৰ পাছত স্বদেশী সজাই নিজৰ ঘৰত মৃতদেহ থৈ যাব খোজে। তেওঁ অভিযোগ কৰে যে ডিটেনচন কেম্পত লোক সকলক উপযুক্ত চিকিৎসা নিদিয়ে লোক সকলক। যাৰ কাৰণে এনেদৰে তিল তিলকৈ মৰে লোক সকলক।বাঙালী লোক সকল নির্বাচনৰ পিছত বিদেশী হৈ পৰে। সোনোৱাল চৰকাৰ ইয়াৰ বাবে যত দায়ী। এই খন চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তেওঁলোকে তীব্রতৰ হৈ উঠিব। উল্লেখযোগ্য যে, গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত থকা ফালু দাসৰ মৃত্যুক কেন্দ্ৰ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে।GMCH ত চিকিৎসাধীন অবস্থাতে মৃত্যুবৰণ কৰা নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ফালু দাসৰ মৃতদেহ পৰিয়ালটোৱে চমজি ল'বলৈ অস্বীকাৰ কৰাত আজিলৈকে চিকিৎসালয়খনৰ মৰ্গতে পৰি ৰৈছে লোকজনৰ মৃতদেহ। জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে ফালু দাসৰ মৃতদেহ পৰিয়ালটোক চমজি ল'বলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো প্ৰশাসনৰ এনে অনুৰোধ মানি ল'বলৈ অমান্তি হোৱাত বিষয়টোৱে জটিলতাৰ সৃষ্টি কৰাত আজিও ব্যক্তি গৰাকীৰ মৃতদেহ পৰি আছে জি এম চি এইচৰ মৰ্গত। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি দুৰ্ভগীয়া পৰিয়ালটোত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে পৰিস্থিতিৰ বুজ লয় বুলি জনা গৈছে।

বাইট.1-ফালু দাসৰ পত্নী,বোৱাৰী,পুএ

বাইট.2- MLAকৰিমগঞ্জ
Conclusion:কৈলাস ডেকা, নলবাৰী।
Last Updated : Oct 27, 2019, 5:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.