নলবাৰী,29 জানুৱাৰীঃ শিক্ষাৰ নৱদ্বীপ নলবাৰীত বুধবাৰে মুকলি কৰা হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান ইউৰো কিডচৰ শাখা ৷ দেশৰ অগ্ৰণী প্লে’ স্কুল ইউৰো কিডচৰ শাখাটো মুকলি কৰা হয় নলবাৰী চহৰৰ খাৰজাৰাত ৷ সৰস্বতী পূজাৰ লগত সংগতি ৰাখি আয়োজিত উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কৃষ্ণা বৰুৱা, অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকা, সাংবাদিক এম মহিবৰ ৰহমান, চিকিৎসাবিদ ডাঃ ৰাজুমণি শৰ্মা, ইউৰো কিডচৰ বিষয়া প্ৰাঞ্জল নাথ, ইউৰো কিডচৰ নলবাৰী শাখাৰ অধ্যক্ষ ইন্দিৰা গোস্বামী আদি উপস্থিত থাকে ৷ কবি মনোজ বৰ্মনে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত প্ৰদান কৰা ভাষণত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই সম্প্ৰতি শিক্ষা গ্ৰহণৰ পৰিৱেশ আৰু পদ্ধতি সলনি হোৱা বুলি মন্তব্য কৰে ৷ লগতে জন্মৰ পিছৰে পৰা শিশুক গঢ় দিয়াৰ পৰিৱেশ আহি পৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে বৰুৱাই ৷ এইক্ষেত্ৰত অভিভাৱকসকলো নিজৰ সন্তানকলৈ পূৰ্বতকৈ অধিক সতৰ্ক হোৱাৰ লগতে প্ৰতিযোগিতাৰ দৌৰত নামি পৰা বুলি প্ৰকাশ কৰে ৷
উক্ত অনুষ্ঠানত ইউৰো কিডচৰ হৈ শলাগৰ শৰাই আগবঢ়াই যুৱ সংগঠক দিগন্ত মিশ্ৰ ৷ উল্লেখ্য যে,দেশৰ মুঠ ৩৫০ খন চহৰজুৰি থকা প্ৰায় এহেজাৰ শাখাৰে ভাৰতৰ সৰ্ববৃহৎ এই প্ৰী-স্কুলখন প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থাৰ বাবে জনাজাত । অধ্যক্ষা ইন্দিৰা গোস্বামীয়ে প্ৰী-স্কুলখনত নামভৰ্তিৰ নূন্যতম বয়স এক বছৰ আঠ মাহ বুলি জানিবলৈ দিয়ে ৷