ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ নলবাৰীৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত ডাঃ বসন্ত বৈশ্য

নলবাৰীৰ আঠঘৰীয়াৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহাঁৰি । বিগত পাঁচবছৰে নলবাৰীৰ আঠঘৰীয়াৰ প্ৰফুল্ল শৰ্মাৰ ৰুগীয়া পত্নী ৰেণু দেৱীয়ে স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ আছিল । দেওবাৰে এই বৃদ্ধ দম্পত্তি হালৰ ওচৰত থিয় হয় জিএমচিএইচৰ স্নায়ুৰোগৰ মুৰব্বী অধ্যাপক ডাঃ বসন্ত বৈশ্য ।

author img

By

Published : May 24, 2020, 10:40 PM IST

ETV News Impact: Dr Basanta Baishya stands near nalbari poor family
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ নলবাৰীৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত ডাঃ বসন্ত বৈশ্য

নলবাৰী, 24 মেঃ নলবাৰীৰ আঠঘৰীয়াৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালক বিভিন্ন জনৰ সহাঁৰি । ৰুগীয়া পত্নীক বিছনাত লৈ দুৰ্দশাগ্ৰস্ত জীৱন কটোৱা প্ৰফুল্ল শৰ্মাৰ বিষয়ে ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পিছতে পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন । বিগত পাঁচ বছৰে নলবাৰীৰ আঠঘৰীয়াৰ প্ৰফুল্ল শৰ্মাৰ ৰুগীয়া পত্নী ৰেণু দেৱীয়ে স্নায়ু ৰোগত আক্ৰান্ত হৈ আছে । দেওবাৰে এই বৃদ্ধ দম্পত্তি হালৰ ওচৰত থিয় হয় জিএমচিএইচৰ স্নায়ু ৰোগৰ মুৰব্বী অধ্যাপক ডাঃ বসন্ত বৈশ্য । বৈশ্যৰ নেতৃত্বত অহা এটা সজাতি দলে প্ৰফুল্ল শৰ্মাৰ ৰোগাক্ৰান্ত পত্নীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চেকযোগে পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ায় ।

নলবাৰীৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত ডাঃ বসন্ত বৈশ্য

ইয়াৰ উপৰিও ৰেণু দেৱীৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ডাঃ বসন্ত বৈশ্যই । ইতিমধ্যে আছুৰ ভৱজিৎ বেজবৰুৱাৰ নেতৃত্বত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱা হৈছে পৰিয়ালটোক ।

লগতে পঢ়ক- কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শনৰ বাবে শিৱসাগৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.