ETV Bharat / state

এসপ্তাহৰ ভিতৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা: দিলীপ শইকীয়া

author img

By

Published : Feb 23, 2021, 6:47 PM IST

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলবাৰে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ দেহাৰকুছি গাঁও পঞ্চায়ত পুৰ্ণকাদেৱত অনুষ্ঠিত হোৱা পথৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এই কথা ।

ELECTION DATE MAY BE ANNOUNCE WITHEN ONE WEEK
এসপ্তাহৰ ভিতৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা: দিলীপ শইকীয়া

নলবাৰী, 23 ফেব্ৰুৱাৰী : এসপ্তাহৰ ভিতৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা, ঘোষণা হ'ব বিধায়ক সভা নিৰ্বাচনৰ দিন । মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলবাৰে ঘোষণা কৰে এই কথা ৷ সাংসদগৰাকীয়ে নিজ জন্মভূমি নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ দেহাৰকুছি গাঁও পঞ্চায়ত পুৰ্ণকাদেৱত অনুষ্ঠিত হোৱা পথৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ।

সাংসদ দিলীপ শইকীয়াই নলবাৰী বিধায়ক অশোক শৰ্মা, অসম পৰ্যটন নিগমৰ অধ‍্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগ, অসম উত্তৰণ প্ৰকল্পৰ ২০২০-২০২১ বৰ্ষৰ অধীনত প্ৰায় ১০ কোটি ব‍্যয়ৰে পুৰ্ণকামদেৱৰ পৰা লৰমা হৈ দেহাৰকুছি আৰু নামখালাৰ পৰা বৰখালা হৈ জি.বি.বি পথলৈ সংয়োগী পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি কৰে । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত সাংসদগৰাকীয়ে বিজেপি চৰকাৰ শাসনত অহাৰ পাছৰে পৰা এই চৰকাৰ খনে ৰাস্তা-ঘাটৰ উন্নতিকৰণৰ দ্বাৰা যোগাযোগ ব্যৱস্থাৰ সুচল কৰি দেশৰ প্ৰতিটো অঞ্চলৰ উন্নতি সাধনৰ ওপৰত বিশেষভাবে গুৰুত্ব অৰ্পণ কৰা বুলি মন্তব্য কৰে । অনুষ্ঠানটোত উপস্থিত থাকি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ভাষণত কংগ্ৰেছে বিগত শাসন কালত উন্নয়নৰ বিপৰীতে আধাৰশিলা ৰাজনীতি কৰিছিল বুলি সদৰী কৰে । বিজেপি চৰকাৰৰ উন্নয়মূলক কামৰ বাবে পুনৰ অসম বিজেপি চৰকাৰৰ হোৱাৰ লগতে সৰ্বানন্দ সোনোৱাল পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বুলি বিধায়কগৰাকীয়ে দাবী কৰে ।

অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ‍্যক্ষ জয়ন্ত মল্ল বৰুৱাই ভাষণত কংগ্ৰেছত ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমূহে ৰাইজক উপকৃত কৰি আহিছ বুলি উল্লেখ কৰে । অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাকে প্ৰমুখ্যে কৰি ভালেকেইজন স্থানীয় জ্যেষ্ঠ শিক্ষককে আদি কৰি দল তথা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে । ইয়াৰ পিছতে সাংসদগৰাকীয়ে নিজ গাঁও পুৰ্ণকামদেৱত পৰিয়াল-সম্পৰ্ক অভিযানৰ শুভাৰম্ভণি কৰে ।

লগতে পঢ়ক : আলফাৰ সংবাদমেলৰ আয়োজন প্ৰসংগ: গুৱাহাটী প্ৰেছ ক্লাবৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.