নলবাৰী,31 অক্টোবৰ: নলবাৰীত শনিবাৰে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ কৰে জিলাখনৰ হিন্দু জাগৰণ মঞ্চয়ে । বিতৰ্কিত বিধায়কগৰাকীৰ মিঞা সংগ্ৰহালয় স্থাপনৰ দাবীৰ বিৰোধিতাৰে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷ চহৰখনৰ মাজমজিয়াৰ আম্বেদকাৰ চ’কত সংগঠনটোৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে । বিধায়ক শ্বেৰমান আলী আহমেদে বিগত সময়ত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল ৷ প্ৰতিবাদকাৰীসকলে বিধায়কগৰাকীৰ বিপক্ষে শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ ৷
লগতে চাওকঃ কোকৰাঝাৰত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গ’ল এজনৰ