ETV Bharat / state

আছুকৰ্মীক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী - গৃহবিভাগ

নলবাৰীত আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নলবাৰী জিলা ছাত্ৰ সন্থা ৷ আছুকৰ্মীক প্ৰহাৰ আৰু সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত চহৰখনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তি ৰাজহুৱা স্থানত ওলোমাই আছুকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদ সাব্যস্ত
আছুকৰ্মীক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী
author img

By

Published : Jan 3, 2020, 12:05 AM IST

নলবাৰী,2 জানুৱাৰীঃ পহিলা জানুৱাৰীত নলবাৰীত সংঘটিত আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নলবাৰী জিলা ছাত্ৰ সন্থা ৷ আছুকৰ্মীক প্ৰহাৰ আৰু সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত চহৰখনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ৰাজ্যৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত ওলোমাই আছুকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নলবাৰী জিলা আছুৰ আহ্বানমৰ্মে জিলাখনৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচীত অংশ লয় ৷ উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীৰূপে জিলাখনৰ প্ৰায়বোৰ ৰাজহুৱা স্থানত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি ওলোমাই সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

চহৰখনৰ মাজমজিয়াৰ পি এন চি পথত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ ঘটনাৰ বিৱৰণী মতে, নলবাৰীৰ পৰা সৰ্থেবাৰী অভিমুখে গৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী সোণোৱালক একাংশ আছুকৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল ৷ উক্ত ঘটনাৰ আঁত ধৰি অসম আৰক্ষীৰ এজন জোৱানে আছুকৰ্মী চন্দন বেজবৰুৱাক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ লগতে ঘটনাস্থলীত উপস্থিত থকা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে ৷

আছুকৰ্মীক প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত

নলবাৰীত সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছে । ইফালে সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশতে আৰক্ষীয়ে এই বৰ্বৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধৰ্মপুৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি নীলকমল ভূঞাই ।

লগতে চাওকঃনৱ দিগন্তৰ অন্য এক নাম ডিফু

Intro:ছাএ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীBody:নলবাৰীত ছাত্ৰ সন্থাৰ কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰা আৰু সাংবাদিকক দূৰ্ব্যৱহাৰ কৰা ঘটনা সংঘটিত হোৱাৰ পিছতেই আৰক্ষী-চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা।আজি উক্ত ঘটনাৰ প্ৰতিবাদত জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি ৰাজহুৱা ওখ স্থানত ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে ।এই দৃশ্য নলবাৰী চহৰৰ ।চহৰখনৰ পি এন চি ৰোডত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত ওলোমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখ্য যে যোৱাকালি ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে নলবাৰী-সৰ্থেবাৰী পথেৰে গৈ থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক'লা পতাকা দেখুওৱাৰ সময়তে আৰক্ষীয়ে আছু কৰ্মী চন্দন বেজবৰুৱাক নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ লগতে সাংবাদিককো দূৰ্বব্যৱহাৰ কৰিছিল ।

Byte অক্ষয় ডেকা, সাধাৰণ সম্পাদক, নলবাৰী জিলা ছাত্র সন্থাConclusion:ইফালে নলবাৰীত আছু কৰ্মী আৰু সাংবাদিকক দুব্যৱহাৰৰ কৰাৰ পিছতে জাঙৰ খাই উঠিছে নলবাৰী ধৰ্মপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছ।উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰাৰ অভিযোগ ধৰ্মপুৰ যুৱ কংগ্ৰেছৰ উপসভাপতি নীলকমল ভূঞাৰ।এই সন্দভত আজি প্ৰতিক্ৰিয়া যুৱ কংগ্ৰেছৰ।

Byte নীলকমল ভূঞা(উপসভাপতি যুৱ কংগ্ৰেছৰ ধৰ্মপুৰ)

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.