ETV Bharat / state

Flood in Nalbari: ২২ জুনলৈকে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

author img

By

Published : Jun 20, 2022, 12:15 PM IST

নলবাৰীৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ২২ জুনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে । জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানতেই স্থাপন কৰা হৈছে বান শিবিৰৰ ৷

Flood Hazard In Assam
নলবাৰীত ২২ জুনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

নলবাৰী,১৯ জুন: বৰুণ দেৱতাৰ কোপদৃষ্টিৰ পৰা পৰিত্ৰাণ পোৱা নাই ৰাজ্য়বাসীয়ে (Assam flood situation )। বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য়জুৰি অব্য়াহত আছে বান বিভীষিকা । খাদ্য়-খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বানপীড়িত জনতাই ।

ৰাজ্য়ৰ আন জিলাৰ লগতে নলবাৰীতো অতি ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি । জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ জনতা । ফলত জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানতেই এতিয়া আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে । শিক্ষানুষ্ঠানসমূহলৈ যোৱাৰ বিষয়ে ভাবিবই পৰা নাই শিক্ষাৰ্থীয়ে ।

Nalbari
নলবাৰীত ২২ জুনলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষনা

বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা প্ৰশাসনে এক জাননীযোগে সোমবাৰৰ পৰা ২২ জুনলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে (School closed in Nalbari) । নলবাৰী জিলাৰ কোনো লোক তথা শিক্ষাৰ্থীয়ে যাতে বান বিভীষিকাত ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে প্ৰশাসনে নলবাৰীৰ সকলো শৈক্ষিক অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।

উল্লেখ্য় যে, নলবাৰী জিলাৰ প্ৰায় সকলো অঞ্চলেই এতিয়া বানৰ কবলত আছে । বানপীড়িত ৰাইজে আশ্ৰয় শিৱিৰত খাদ্য়-খোৱা পানীৰ বাবেও হাহাকাৰ কৰা বুলি জানিব পৰা গৈছে । সমান্তৰালভাৱে পশুধনৰ খাদ্য় সংকটেও দেখা দিছে ।

লগতে পঢ়ক:Assam Flood: বাঢ়নী পানীত উটি গৈ প্ৰাণ হেৰুৱালে দুই কৰ্তব্যৰত আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.