ETV Bharat / state

অশ্ৰুসিক্ত নয়নেৰে নলবাৰীৰ সন্ধাৰ পাগলাদিয়া ঘাটত বিদায় দিয়া হ’ল দেৱী দুৰ্গাক - Durga Puja 2022 in Assam

আজি বিজয়া দশমী (Vijaya dashami 2022) ৷ দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে নলবাৰীৰ সন্ধাৰ পাগলাদিয়া ঘাটত বিদায় দিয়া হয় দেৱী দুৰ্গাক ৷ নলবাৰী চহৰৰ ২৮ খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় পাগলাদিয়া ঘাটত ।

Durga Idol immersion in Nalbari
অশ্ৰুসিক্ত নয়নেৰে নলবাৰীৰ সন্ধাৰ পাগলদিয়া ঘাটত বিদায় দিয়া হ’ল দেৱী দুৰ্গাক
author img

By

Published : Oct 5, 2022, 8:33 PM IST

নলবাৰী, ৫ অক্টোবৰ: হাতীত উঠি সৰগৰ পৰা মৰতলৈ আগমন ঘটা দশভূজা দেৱী দুৰ্গাই আজি নাৱেৰে গমন কৰে (Durga Puja 2022 in Assam)। ষষ্ঠীৰ দিনা যুৰীয়া বেলেৰে বৰণ কৰি বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হয় ।

দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বৰ লগে লগে অন্ত পৰে মহোৎসৱৰ পাৰভঙা আনন্দৰ । বুধবাৰে ৰাজ্যজুৰি বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ। ভক্তগণে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে মা দুৰ্গাক (Vijaya dashami celebretes in Assam) ।

অশ্ৰুসিক্ত নয়নেৰে নলবাৰীৰ সন্ধাৰ পাগলদিয়া ঘাটত বিদায় দিয়া হ’ল দেৱী দুৰ্গাক

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন দিয়া হয় (Durga Idol immersion in Nalbari) । নলবাৰী চহৰৰ ২৮ খন পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় পাগলাদিয়া ঘাটত । জিলাখনৰ ভিন্ন প্ৰান্তত দিয়া হয় দেৱীৰ বিসৰ্জন । ফলত প্ৰতিটো ঘাটতে জিলা প্ৰশাসনৰ পৰা কৰা হৈছে বিশেষ ব্যৱস্থা ।

দেৱী বিসৰ্জনৰ সময়ত যাতে কোনো অঘটন সংঘটিত নহয় তাৰ বাবে নলবাৰী জিলা প্ৰশাসনৰ লগতে সাজু কৰি ৰখা হৈছিল SDRF ৰ লগতে অগ্নিনিৰ্বাপক বাহিনীও । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ আজি বিজয়া দশমী । চাৰিটা দিন পূজা অৰ্চনা কৰাৰ অন্তত বিজয়া দশমীত অশ্ৰুসিক্ত নয়নৰে ভক্তই দেৱীক বিসৰ্জন দিছে নলবাৰীৰ সন্ধাৰ পাগলাদিয়া ঘাটত ।

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.