নলবাৰী ,3 জানুৱাৰী: CAA আন্দোলন বিৰুদ্ধে সংগ্ৰাম কৰি আঞ্চলিক শক্তিক সুদৃঢ় কৰিবলৈ অসমত নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ দলত প্ৰতিদিনে শ শ লোকে যোগদান কৰি দলৰটো ভেটি শক্তিশালী কৰি আহিছে । তাৰ সমান্তৰালকৈ শনিবাৰে হাজোৰ কুলহাতীত প্ৰাক্তন কংগ্ৰেছ নেতা তথা হাজো সমষ্টিৰ যুৱ সমাজ কৰ্মী দুলু আহমেদে পত্নী ৰজী আহমেদৰ লগতে কংগ্ৰেছ , এজিপি আৰু বিভিন্ন দল সংগঠনৰ বহু নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত ।
উল্লেখযোগ্য যে, বিশাল যোগদান সভাৰ পূৰ্বে হাজো চেঁচা নৈৰ দলঙৰ পৰা সহস্ৰাধিক সমৰ্থকে বাইক ৰেলিৰে আদৰি আনে প্ৰাক্তন ছাত্ৰ নেতা তথা এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈক সভাস্থলী লৈ । সভাৰ আৰম্ভণিতে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । উক্তযোগদান সভাত উপস্থিত থাকে এজেপিৰ উপ-সভাপতি পবিন্দ্ৰ নাথ ডেকা, চমসেৰ সিং, ৰবীন দত্ত, সাধাৰণ সম্পাদক অদীপ ফুকন, জগদীশ ভূঞাৰ লগতে বহু নেতা কৰ্মী ।
আনহাতে সভাত লুৰীণজ্যোতি গগৈয়ে উদাত্ত ভাষণ প্ৰদান কৰি কয় যে, অসম অসমীয়া প্ৰথম, সদায় আৰু চিৰদিন। দেশৰ, দুৰ্নীতি ভ্ৰষ্টাচাৰ ধর্মীয় মেৰুকাৰণ অৰ্থনীতি ভেটি কোঙা কৰা চৰকাৰৰ অপশাসনৰ অৱসান ঘটাই এখন মুক্ত নিকা আৰু সম্প্ৰীতিৰ চৰকাৰ গঠন কৰাৰ বাবে ৰাইজে অসম জাতীয় পৰিষদৰ বাবে হেজাৰ হেজাৰ লোক সমবেত হৈছে । ইমান ৰাইজ দেখি মই অভিভূত হৈছে পৰিছে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ।