নলবাৰী,27 ফেব্ৰুৱাৰীঃ ক্ৰমাৎ ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নলবাৰীত পুনৰ উদ্ধাৰ কিছুসংখ্যক নিচাযুক্ত সামগ্ৰীৰ বটল । লগতে আটক দুই ড্ৰাগছ সৰবৰাহকাৰী ৷ জব্দকৃত নিচাযুক্ত দ্ৰব্যখিনি কলিতাকুছিৰ পৰা নলবাৰীলৈ বিক্ৰী কৰিবলৈ অনাৰ পথত নলবাৰী সদৰ আৰক্ষীয়ে জব্দ কৰে ৷ চহৰখনৰ সমীপৰ কলেজ ৰোডত সংঘটিত হয় এই ঘটনা ৷
আৰক্ষীয়ে আটক কৰা যুৱক দুজন ক্ৰমে দীপাংকৰ মেধি আৰু দ্বীপজ্যোতি মেধি বুলি জানিব পৰা গৈছে ।উল্লেখ্য যে,আটকাধীন দীপাংকৰ মেধিৰ ঘৰ নলবাৰীৰ সমীপৰ কাজিপাৰাত হোৱাৰ বিপৰীতে দীপজ্যোতিৰ ঘৰ নলবাৰীৰ নিকটৱৰ্তী বাঁহজানীৰ ভেলেবাৰীত । যুৱকদ্বয়ৰ পৰা উদ্ধাৰ কৰা নিচাযুক্ত দ্ৰব্যখিনিৰ পৰিমাণ প্ৰায় ১৩ গ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷
গুৱাহাটীঃ মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে বৃহস্পতিবাৰৰ দিনটোত অভিযান চলায় ড্ৰাগছৰ বিৰুদ্ধে ৷ লাখটকীয়াৰ 2 নং ৰে’লগেটৰ ওচৰে-পাজৰে থকা জুপুৰিঘৰ সমূহত ড্ৰাগছ থকাৰ সন্দেহত অভিযান চলায় আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আটক কৰে আৰক্ষীয়ে ।
তথ্য অনুসৰি,আটকাধীন লোককেইজন নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলায় বুলি প্ৰকাশ কৰে । আৰক্ষীৰ লাভ কৰা তথ্য অনুসৰি,ৰে’ল লাইনৰ দাঁতিত শিলৰ মাজত ৰাখি থোৱা হৈছিল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ আটকাধীন লোককেইজনক সোধ-পোচৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷
লগতে চাওকঃদলগাঁৱত অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হত্যাকাণ্ড