ETV Bharat / state

চিকিৎসালয়ৰ পৰা মুকলি পাঁচ কৰ’ণা ৰোগী

Covid 19 ত আক্ৰান্ত নলবাৰীৰ পাঁচজন লোকক সুস্থ হোৱাৰ বাবে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে জিলাখনৰ স্বাস্থ্য বিভাগে ৷ আটাইকেইজন ব্যক্তিক জিলা উপায়ুক্তৰ উপস্থিতিত সম্ভাষণ জনাই গামোচা, চেনিটাইজাৰ প্ৰদান কৰি যাবলৈ দিয়া হৈছে ঘৰলৈ ৷

discharged five covid 19 patient from hospital at nalbari assam etv bharat news
চিকিৎসালয়ৰ পৰা মুকলি
author img

By

Published : Jun 7, 2020, 7:46 PM IST

নলবাৰী,7 জুন: নলবাৰী জিলাত কৰ’ণাত আক্ৰান্ত হৈছিল 21গৰাকী ব্যক্তি ৷ এই ব্যক্তি কেইগৰাকীৰ ভিতৰত 9 গৰাকীয়ে সম্প্ৰতি আৰোগ্য লাভ কৰিছে ৷ জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰায় 3,000 গৰাকী লোকৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত সেইসকলৰ ভিতৰত 21 গৰাকীৰ দেহত ধৰা পৰিছিল Covid 19 ৰ উপস্থিতি ৷

চিকিৎসালয়ৰ পৰা মুকলি

ইফালে, আক্ৰান্তসকলৰ চাৰিগৰাকীক পূৰ্বে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ বিপৰীতে দেওবাৰে পাঁচগৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে স্বাস্থ্য বিভাগে । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত নলবাৰী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্তি কেইগৰাকীক কৰ’ণা মুক্ত ঘোষণাৰে ঘৰলৈ যোৱাৰ অনুমতি প্ৰদানৰ লগতে গামোচা, চেনিটাইজাৰ আৰু মাস্কেৰে সম্ভাষণ জনায় ৷

লগতে চাওকঃ শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.