ETV Bharat / state

দু:সাহসিক অভিযান চলোৱা নলবাৰী আৰক্ষীক প্ৰশংসা ডিআইজি ব্ৰজেনজিৎ সিনহাৰ

author img

By

Published : Jun 4, 2021, 11:08 PM IST

দুঃসাহসিক অভিযান চলাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কুখ্যাত অপৰাধী মুকালমুৱাৰ গলডিঘলাৰ আবু বক্কৰ ছিদ্দিকক কৰায়ত্ব কৰাৰ বাবে, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে আৰক্ষীৰ দলটোক উচ্চ প্ৰশংসা কৰে ।

DIG Press Meet
দু:সাহসিক অভিযান চলোৱা নলবাৰী আৰক্ষীক প্ৰশংসা ডিআইজি ব্ৰজেনজিৎ সিনহাৰ

নলবাৰী, 4 জুন : বৃহস্পতিবাৰে নিশা নলবাৰীত আৰক্ষীৰ আৰু ডকাইতৰ এটা দলৰ মাজত তুমুল সংঘৰ্ষ হয় । আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈছিল কুখ্যাত গৰুচোৰ তথা ডকাইত আৰু ড্ৰাগছ মাফিয়া আবু বক্কৰ ছিদ্দিকৰ লগতে দুই সহযোগী বিজু আহমেদ আৰু ৰুবুল হুছেইন । ইপিনে আৰক্ষীক গুলি কৰি পলাই সাৰিবলৈ অপচেষ্টা কৰা আবু বক্কৰ ছিদ্দিকৰ লগতে তেওঁৰ সহযোগীক খেদি খেদি কৰায়ত্ব কৰে নলবাৰী আৰক্ষীয়ে । আৰক্ষীৰ এই বৃহৎ সফলতাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ ডিআইজি ব্ৰজেনজিৎ সিনহা, নৱ নিযুক্ত আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে ঘটনাৰ বুজ লয় ।

তাৰ পাচতে এক সংবাদ মেল যোগে ডিআইজি ব্ৰজেনজিৎ সিনহাই এই দুঃসাহসিক অভিযান চলাই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কুখ্যাত অপৰাধী মুকালমুৱাৰ গলডিঘলাৰ আবু বক্কৰ ছিদ্দিকক কৰায়ত্ব কৰাৰ বাবে, নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে আৰক্ষীৰ দলটোক উচ্চ প্ৰশংসা কৰে ।

ইপিনে এই দুঃসাহসিক অভিযান চলাই বৃহস্পতিবাৰে নিশা দুধৰ্ষ অপৰাধী আবু বক্কৰ ছিদ্দিকক কৰায়ত্ব কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিষয়া তপন কলিতাৰ লগতে ভাস্কৰ মল্ল পাটোবাৰীক ফোন কৰি ধন্যবাদ জ্ঞাপন কৰে । একেদৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই নলবাৰী সদৰ থানাত উপস্থিত হৈ দুঃসাহসিক অভিযান চলোৱা আৰক্ষী বিষয়া সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে আবু বক্কৰ ছিদ্দিকৰ আন তিনি সহযোগী পলাই যাবলৈ সক্ষম হৈছে যদিও অচিৰেই এই গেংটো আৰক্ষীৰ জালত পৰিল বুলিও মন্তব্য কৰে ডিআইজি ব্ৰজেনজিৎ সিনহাই ।

লগতে পঢ়কঃ অপাৰেশ্যন ক্ৰিমিনেল : নগাঁৱত আই পি এছ আনন্দ মিশ্ৰৰ ধাৰাবাহিক অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.