ETV Bharat / state

PMAY scam in Nalbari : ভাংনামাৰী পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ

author img

By

Published : Apr 8, 2023, 2:16 PM IST

নলবাৰী জিলাৰ ভাংনামাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত ব্যাপক দুৰ্নীতি (PMAY scheme scam)। পঞ্চায়ত প্ৰতিনিধিয়ে জবকাৰ্ডৰ ধন হিতাধিকাৰীৰ পৰিৱৰ্তে আন লোকক প্ৰদান কৰাৰ অভিযোগ । বঞ্চিত হিতাধিকাৰীৰ পৰা এজাহাৰ ল'বলৈ অস্বীকাৰ আৰক্ষীৰ । বাতৰি সম্প্ৰচাৰৰ পাচতে একাংশ হিতাধিকাৰীক ওভতাই দিলে ধন ।

PMAY scam in Nalbari
ভাংনামাৰী পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ

নলবাৰী,৮ এপ্ৰিল : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে । বিজেপি চৰকাৰৰ দিনত ৰাজ্যত দুৰ্নীতি সংঘটিত হ'ব নোৱাৰিব বুলিও সকীয়াই দিছে মুখ্যমন্ত্ৰীয়ে । কিন্তু তাৰ পাচতো অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিটো বিভাগতে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এইবাৰ ৰাজ্যখনৰ পঞ্চায়তে পঞ্চায়তে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Panchayat)।

শেহতীয়াকৈ নলবাৰীৰ ৬৪ নং ভাংনামাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Panchayat of Nalbari)। এই সন্দৰ্ভত সংবাদমাধ্যমত ধাৰাবাহিকভাৱে বাতৰিও সম্প্ৰচাৰ হৈছে । বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ভাংনামাৰী গাঁও পঞ্চায়তত PMAYৰ হিতাধিকাৰীসকলৰ শ্ৰমিকৰ বাবদ চৰকাৰে দিয়া ধন পঞ্চায়ত সভানেত্ৰী, সচিব তথা মধ্যভোগীয়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল (PMAY scam in Nalbari)।

অন্য লোকৰ জবকাৰ্ড ব্যৱহাৰ কৰি হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে সভানেত্ৰী মমতাজ খাতুন আৰু সচিব ফৰিদুৰ ৰহমানে একাংশ হিতাধিকাৰীক ওভতাই দিছে ধন । ইয়াৰ জৰিয়তে একাংশ হিতাধিকাৰীৰ মুখ বন্ধ কৰাৰো চেষ্টা চলাইছে পঞ্চায়তৰ প্ৰতিনিধিসকলে । ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে পঞ্চায়তৰ প্ৰতিনিধিসকল দুৰ্নীতিত জড়িত থকাৰ অভিযোগ সঁচা আছিল (Corruption of Panchayat Representatives)।

আনহাতে এগৰাকী হিতাধিকাৰীয়ে পঞ্চায়তখনত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে নানা অজুহাত দেখুৱাই এজাহাৰ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে । এজাহাৰ লোৱাৰ পৰিৱৰ্তে দুৰ্নীতিগ্ৰস্ত বিষয়া, জনপ্ৰতিনিধিৰ হৈ ভুক্তভোগী হিতাধিকাৰীক মেনেজ কৰাত ব্যস্ত আৰক্ষী । আৰক্ষীয়ে হিতাধিকাৰীক খৰছ বিচৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

উল্লেখ্য যে বৃহস্পতিবাৰে ভুক্তভোগী হিতাধিকাৰীসকলে প্ৰাপ্য ধন বিচাৰি বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিছিল । লক্ষ্যনীয়ভাৱে এই ধৰণৰ দুৰ্নীতি এতিয়া বিভিন্ন পঞ্চায়তত সংঘটিত হৈ আছে । কিন্তু এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কোনো ভূমিকা গ্ৰহণ নকৰাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Dikhow River pollution : প্ৰদূষণৰ কৱলত দিখৌ নৈ; আতংকি ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.