ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ

author img

By

Published : Jan 22, 2021, 3:23 PM IST

Updated : Jan 22, 2021, 3:47 PM IST

নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী সমদল ৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

congrss-protest-at-nalbari
অত্যাবশ্যকীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদ নলবাৰীৰ ভিন্ন প্ৰান্তত

নলবাৰী, 22 জানুৱাৰী : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে শুকুৰবাৰে নলবাৰীত এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ নেতৃত্বত বৰক্ষেত্ৰীৰ পৰা মুকালমুৱালৈ উলিওৱা হয় এই প্ৰতিবাদী মটৰচাইকেল সমদল ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ সমদল কৰা সময়ত বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে নলবাৰী জিলা কংগ্ৰেছৰ কৰ্মী সকলে ৷

সমদলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা যুৱ নেতা আনোৱাৰ আহমেদ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, উপ-সভাপতি জেহেৰুল হ'ক, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ নাচিৰ হ'ক আদিকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, প্ৰতিবাদস্থলীত সাংবাদিকক সম্বোধন কৰি আগন্তক 21 ৰ বিধান সভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিটো কংগ্ৰেছৰ দখলত থাকিব বুলি এক নিৰ্বাচন কেন্দ্ৰীক মন্তব্য প্ৰকাশ কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে ৷

লগতে পঢ়ক : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

Last Updated : Jan 22, 2021, 3:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.