ETV Bharat / state

Congress protest: নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ, আটক শতাধিক কৰ্মীক

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ (Congress protest in Assam)। নলবাৰীত জিলা কংগ্ৰেছৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল । আদবাটতে আৰক্ষীৰ বাধা প্ৰতিবাদকাৰীক । শতাধিক প্ৰতিবাদকাৰীক আটক ।

Congress protest
নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jul 22, 2022, 5:34 PM IST

নলবাৰী,২২ জুলাই : মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ দেশতে কংগ্ৰেছ দলে প্ৰতিবাদ অব্যাহত ৰাখিছে (Congress protests against price hike)। মূল্যবৃদ্ধিৰ সমান্তৰালকৈ নেশ্যনেল হেৰাল্ড গোচৰত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক চমন জাৰি কৰাক লৈও প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে (ED summons Sonia Gandhi)। অসমতো প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত APCCৰ উদ্যোগত বিভিন্ন জিলাত প্ৰতিবাদৰ আয়োজন কৰা হয় । নলবাৰীতো ৰাজীৱ ভৱনৰ পৰা নলবাৰী জিলা কংগ্ৰেছে উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় । জিলা সমিতিৰ প্ৰভাৰী কংকন দাস, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে প্ৰায় দুই শতাধিক দলীয় কৰ্মকৰ্তাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ, আটক শতাধিক কৰ্মীক

প্ৰতিবাদকাৰীৰ অভিযোগ ছোনিয়া গান্ধীক ই.ডিৰ জৰিয়তে চমন জাৰি কৰি বিজেপিয়ে সভানেত্ৰীগৰাকীৰ ভাৱমূৰ্তি কলুষিত কৰাৰ চেষ্টা কৰিছে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে নলবাৰীৰ ৰাজপথ ।

অৱশ্যে উপায়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা কংগ্ৰেছৰ প্ৰতিবাদী সমদলটোক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে বাধা দিয়ে । আৰক্ষীৰ বাধা নেওচি সমদলটো আগুৱাবলৈ চেষ্টা কৰোতে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী সহ প্ৰায় শতাধিক দলীয় কৰ্মীক আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক :National Herald Case: ছোনিয়া গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে লখিমপুৰত কংগ্রেছৰ তীব্র প্রতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.