ETV Bharat / state

হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

author img

By

Published : Feb 18, 2021, 7:33 AM IST

Updated : Feb 18, 2021, 8:36 AM IST

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁ‌হজানীত বুধবাৰে জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় বুথ সংকল্প শিবিৰ ৷ এই অনুষ্ঠানত ছত্তিশগড়ৰ কংগ্ৰেছ নেতা মহেশ চন্দ্ৰবংশীৰ লগতে সাংসদ আব্দুল খালেকসহ কেইবাজনো কংগ্ৰেছ কৰ্মী উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক
হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

নলবাৰী,18 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে অনুষ্ঠিত কৰিব ধৰিছে ইখনৰ পাচত সিখনকৈ ৰাজনৈতিক সভা ৷ তৃণমূল পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ সকলো নেতা-কৰ্মী ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ কাৰ্যত ৷ বুধবাৰে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁ‌হজানীত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় বুথ সংকল্প শিবিৰ ৷ এই অনুষ্ঠানত সাংসদ আব্দুল খালেকসহ কেইবাজনো কংগ্ৰেছ কৰ্মী উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

সাংসদ গৰাকীয়ে বিজেপি আৰু অগপৰ মিত্ৰতাক সমালোচনা কৰি কয় যে, নতুন ঔৰংজেৱ নৰেন্দ্ৰ মোডীক শীঘ্ৰে উৎখাত কৰা হ'ব ৷ হিন্দু সভ্যতা-সংস্কৃতিৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে ভাৰতীয় জনতা পাৰ্টী ৷ হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে বুলি তীব্ৰ বাক্যবাণ প্ৰয়োগ কৰে সাংসদ গৰাকীয়ে ৷

হিমন্তক কটাক্ষ সাংসদ আব্দুল খালেকৰ

একেদৰে অগপ চৰকাৰৰ আমোলত সংঘটিত গুপ্তহত্যাৰ বিভীষিকাই সকলোকে খেদি ফুৰিছিল বুলিও মন্তব্য কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ৷ উল্লেখ্য যে, এই বুথ শিবিৰত ছত্তিশগড়ৰ কংগ্ৰেছ নেতা মহেশ চন্দ্ৰবংশীয়ে অংশ লৈ বিজেপিয়ে দেশ তথা ৰাজ্যৰ জনতাক মিছা প্ৰতিশ্ৰুতিৰে আঁভুৱা ভৰা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ভাৰত-বাংলাদেশ সীমান্তত হ'ব যৌথ বজাৰ

Last Updated : Feb 18, 2021, 8:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.