ETV Bharat / state

Bharat Jodo Yatra: মন্ত্ৰী জয়ন্ত মল্লৰ মন্তব্যক কটাক্ষ কংগ্ৰেছ নেতৃত্বৰ

author img

By

Published : Nov 13, 2022, 6:24 PM IST

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam) ৷ অৱশ্যে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীৰ অনুপস্থিতিত হে আৰম্ভ হৈছে । অসমত আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাৰ আজি ত্ৰয়োদশ দিন ৷ আজি পুৱা নলবাৰী জিলাৰ বৰক্ষেত্ৰীত পদাৰ্পন কৰে ভাৰত জোড়ো যাত্ৰাই ।

bharat jodo yatra in borkhetri
bharat jodo yatra in borkhetri

নলবাৰী, 13 নৱেম্বৰ: যোৱা 1 নৱেম্বৰৰ পৰা অসমত আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই দেওবাৰে ত্ৰয়োদশ দিনত পদাৰ্পন কৰিছে । ভাৰত জোড়ো যাত্ৰা কালি প্ৰবেশ কৰিছিল নলবাৰী জিলাৰ বৰক্ষেত্ৰীত । প্ৰথম দিনাই দৌলাশালৰ পৰা পদ যাত্ৰা কৰি নলবাৰী জিলাৰ বৰক্ষেত্ৰীত পদাৰ্পন কৰে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Nalbari) ।

ভাৰত জোড়ো যাত্ৰাৰ পূৰ্বে আজি দ্বিতীয় দিনাই বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত আয়োজন কৰে এখন জনসভা । বড়ো সকলৰ বাগৰুম্বা নৃত্যৰে আৰম্ভ কৰে দ্বিতীয় দিনৰ কাৰ্যসূচী । মুকালমুৱাস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, দেবব্ৰত শইকীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়িকা নন্দিতা দাস, বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডল, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা ।

বৰক্ষেত্ৰীত ভাৰত জোড়ো যাত্ৰা

এই সভাখনত ভূপেন বৰাই কয় যে, অসমৰ মন্ত্ৰীয়ে ঘোষণা কৰিছে অসমৰ মানুহক ভাল মদ খুৱাব (APCC president criticised govt)। এসময় ব্ৰিটিছে কানি খুৱাইছিল । এতিয়া বিজেপি চৰকাৰে ভাল মদ খুৱাইছ ।

ইপিনে,মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাক মিঞা জোড়ো যাত্ৰা বুলি কৰা মন্তব্য় সন্দৰ্ভত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা দেখি বিজেপি আৰু এ আই ইউ ডি এফে ভয়তে আবোল-তাবোল বলকিছে ।

জয়ন্ত মল্লবৰুৱাক ৰাণা গোস্বামীয়ে কটাক্ষ কৰি কয় যে, বৰক্ষেত্ৰীৰ পৰা জন্মা বিহগী কবি ৰঘুনাথ চৌধাৰী কোনো মিঞা নাছিল । ডেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পিছতেই বিজেপি এনে ধৰণে প্ৰলাপ বলকিছে । লগতে বিধায়ক দিগন্ত বৰ্মন , আব্দুৰ ৰচিদ মণ্ডলেও জয়ন্ত মল্লবৰুৱাৰ মন্তব্যক কটাক্ষ কৰে ।

উল্লেখ্য় যে, কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত । কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই মুঠ ৩৫৭০ কিলোমিটাৰ পথ সামৰি ল’ব । এই যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত আৰু এই যাত্ৰাৰ অন্তিম সমাৰোহ ২০২৩ বৰ্ষৰ জানুৱাৰীত ৰাজস্থানত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক:Badruddin Ajmal remarks on Bharat Jodo Yatra: বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.