নলবাৰী,৭ মে': প্ৰৱল ইচ্ছা শক্তি থাকিলে মানুহে সকলো কামেই কৰিব পাৰে ৷ তাকেই প্ৰমাণ কৰিলে ধমধমাৰ তিনিগৰাকী কলেজীয়া ছাত্ৰীয়ে ৷ পদপথত পানীপুৰীৰ দোকানেৰে জীৱিকাৰ সন্ধানত নামি পৰিছে ধমধমাৰ তিনিগৰাকী কলেজীয়া ছাত্ৰী । ধমধমা আঞ্চলিক মহাবিদ্যালয় অলিস্মিতা,দলিতা আৰু নৱনীতাৰ প্ৰশংসনীয় পদক্ষেপ(Commendable steps of three college students) ।
আৰ্থিক দৈন্যতাৰ বাবে ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ অলিস্মিতা শৰ্মা, দলিতা কলিতা আৰু ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নৱনীতা কলিতাই ধমধমাৰ পদপথত আৰম্ভ কৰিছে পানীপুৰীৰ দোকান(Three students open panipuri shop in Nalbari) ৷ নিজৰ পঢ়াৰ খৰচৰ লগতে পিতৃ-মাতৃক আৰ্থিকভাবে সকাহ দিয়াৰ উদ্দেশ্যেৰে ছাত্ৰী তিনিগৰাকীয়ে আৰম্ভ কৰিছে এই ব্যৱসায় ৷
ইতিমধ্যে ছাত্ৰীকেইগৰাকীৰ এই ব্যৱসায়খনত যথেষ্ট গ্ৰাহকে সহাৰি জনোৱা পৰিলক্ষিত হৈছে ৷ দিনত কলেজলৈ যায় আৰু বিয়লিৰ ভাগত ধমধমা আৰক্ষী চকীৰ সন্মুখত বিক্ৰী কৰে পানীপুৰী ৷ নিতৌ সন্ধিয়া পৰত এইদৰে পানীপুৰী বিক্ৰী কৰি পঢ়াৰ খৰচ উলিওৱাৰ লগতে আৰ্থিক ভাৱে দুৰ্বল নিজৰ ঘৰকেইখনকো দিছে সকাহ ৷
কোনোগৰাকীৰ যদি পঢ়ি শুনি এগৰাকী অধিবক্তা হোৱাৰ হেপাঁহ, আন কোনোগৰাকীৰ এগৰাকী সফল ব্যৱসায়ী হোৱাৰ মন । কোনোগৰাকীৰ আকৌ সংগীত সাধনাত ব্ৰতী হোৱাৰ হেপাঁহ ভৱিষ্যতে ৷ সেয়ে ফুচকা বিক্ৰী কৰি থকাৰ মাজতে কেমেৰাৰ সন্মুখত নৱনীতাই গুনগুনালে গীতৰ কলি ৷
ৰাজ্যত ভয়াবহ মূল্যবৃদ্ধিৰ সময়ত পিতৃ-মাতৃক এইদৰে তিনিওগৰাকীয়ে দিছে সকাহ । তিনি যুৱতীৰ এই পদক্ষেপক প্ৰশংসাৰে ওপচাই তুলিছে স্থানীয় ৰাইজে । ধমধমাৰ অলিস্মিতা, নৱনীতা আৰু দলিতা আন বহুজনৰ বাবে এতিয়া এক আদৰ্শ বুলিও মত আগবঢ়াইছে বহুজনে ।
লগতে পঢ়ক: আলফা(স্বা)য়ে দুই যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে মুখ্যমন্ত্রীয়ে ?