ETV Bharat / state

নলবাৰীৰ ঐতিহাসিক নাওঁখেল উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal

পৱিত্ৰ জন্মাষ্টমী উপলক্ষে নলবাৰীত অনুষ্ঠিত হোৱা ঐতিহাসিক নাওঁখেল উপভোগ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ জন্মাষ্টমীৰ পৱিত্ৰ তিথিত ৰাজ্যখনৰ শান্তি-প্ৰগতিৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণৰ আশীস লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নলবাৰীৰ ঐতিহাসিক নাওঁখেল উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
author img

By

Published : Aug 23, 2019, 10:16 PM IST

নলবাৰী, 23 আগষ্টঃ শ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলাই নলবাৰীৰ উলাবৰিত হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হৈছে ঐতিহাসিক নাওঁখেল । মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতাখন পুৱা উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । ইয়াৰ পিছতে নাওঁখেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নাওঁখেলৰ লগতে শ্ৰীকৃষ্ণ জন্মাষ্টমি উপলক্ষে স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এই সভাত ৰাজহ মন্ত্ৰী ভবেশ কলিতা, অসম খাদী বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, সাংসদ কুইন ওজা, বিধায়ক প্ৰশান্ত ফুকন, বিজেপি নেতা শান্তনু ভৰালীকে আদি কৰি আন কেইবাজনো প্ৰশাসনিক বিষয়া উপস্থিত থাকে ৷

Intro:নলবাৰীত মুখ্যমন্ত্ৰী সোণোৱাল।Body:আজি পবিত্ৰ  শ্ৰী কৃষ্ণ  জন্মাষ্টমি । আৰু  এই  জন্মাষ্টমি  উপলক্ষ্যে  ৰাজ্যৰ প্ৰান্তে  প্ৰান্তে নাম প্ৰসঙ্গ  আৰু বিভিন্ন  ধৰ্মীয় কাৰ্যসূচী  অনুষ্ঠিত  হৈছে । ইয়াৰ মাজতে এই শ্ৰী কৃষ্ণ জন্মাষ্টমি  উপলক্ষ্যে  শান্তি  সম্প্ৰীতিৰ বাৰ্তা বিলাই নলবাৰীৰ  উলাবৰিত হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত  অনুষ্ঠিত  হৈছে ঐতিহাসিক  নাওঁ  খেল । মহাৰজত জয়ন্তী  বৰ্ষত ভৰি দিয়া  এই নাওঁ  খেল পুৱা  উদ্বোধন কৰে জনস্বাস্থ্য  কাৰিকৰী বিভাগৰ মন্ত্ৰী  ৰিহন দৈমাৰীয়ে । ইয়াৰ পিছতে নাওঁ  খেল প্ৰতিযোগিতা  উপভোগ কৰিবলৈ উপস্থিত  হয় অসমৰ  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল । এই নাওঁ  খেলৰ  লগতে শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে স্থানীয়  বিধায়ক  নাৰায়ণ ডেকাৰ সভাপতিত্বত   এখন মুকলি সভাও  অনুস্থিত  হয় । মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ লগত এই সভাত উপস্থিত  থাকে ৰাজহ মন্ত্ৰী  ভবেশ  কলিতা,  অসম খাদী বোৰ্ড  অধ্যক্ষ  ডাঃ কমলা কলিতা , সাংসদ কুইন ওজা , বিধায়ক  প্ৰশান্ত ফুকন , বিজেপি নেতা শান্তনু ভড়ালী আদি । বিধায়ক  প্ৰশান্ত  ফুকনে  শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে  প্ৰকাশ কৰি উলিওৱা  স্মৃতিগ্ৰন্থ  উন্মোচন  কৰে ।  শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে এই সভাত  ভাষণ দি  "পানী হৈছে সকলো শক্তিৰ উৎস , গতিকে আমি নদী সংৰক্ষণ  কৰিব লাগিব   আৰু নৈ পৰীয়া  সংস্কৃতি  সংৰক্ষণ  কৰিব  লাগিব " বুলি ব্যক্ত  কৰে  মুখ্যমন্ত্ৰী য়ে । অসমত বহু শক্তি,  সম্পদ আৰু সম্ভাৱনা আছে বুলি কোৱাৰ  লগতে এই শক্তি,  সম্পদ আৰু  সম্ভাৱনাৰ প্ৰকৃত ব্যৱহাৰ  হব লাগিব  বুলিও মুখ্যমন্ত্ৰী য়ে ব্যক্ত  কৰে । কৃষ্ণ  সংস্কৃতিৰ  মুল হল  কৰ্ম  সংস্কৃতি এই কৰ্ম সংস্কৃতিক নিষ্ঠা সহকাৰে  প্ৰতিস্থা  কৰিবলৈ ও মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে  আহ্বান  জনাই ।

                               Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.