ETV Bharat / state

Himanta Biswa Sarma in Nalbari: নলবাৰীত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

author img

By

Published : Dec 6, 2022, 8:50 PM IST

৬৭৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে নলবাৰীত ৯ টা কামৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে(3D planetarium in Nalbari) ৷

Himanta Biswa Sarma in Nalbari
নলবাৰীত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

নলবাৰী, ৬ ডিচেম্বৰ : ‘বিকাশৰ বাবে এটা এপষেক’ৰ সংগতি ৰাখি মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ সঁৰিয়হতলীত এটা তাৰকাগৃহ শুভ উন্মোচন কৰাৰ লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলাৰ উপৰিও আন কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৷

মুঠ ৬৭৮.৪৩ কোটি টকা ব্যয় সাপেক্ষে মঙলবাৰে ৯ টা কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৩ টা প্ৰকল্পৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখযোগ্য যে, ২০১২ চনৰ ২১ মে’ তাৰিখে তেতিয়াৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত তাৰকাগৃহৰ শিলান্যাস কৰিছিল ৷ উক্ত তাৰকাগৃহটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো 3D তাৰকাগৃহ হিচাবে চিহ্নিত হ’ল (3D planetarium in Nalbari)।

জনসভাৰ ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে 6 টা বৃহৎ ঘোষণা আগবঢ়ায়৷ তেওঁ কয় যে, মিছন বসুন্ধৰাৰ জৰিয়তে সকলো খিলঞ্জীয়া লোককে মাটিৰ পট্টা প্ৰদান কৰি একচনীয়া মাটি নোহোৱা কৰা হ’ব ৷ আনহাতে আগন্তক দুমাহত অসমত চল্লিশ হাজাৰ কোটি টকাৰ আঁচনি আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ব্যক্ত কৰে ৷

লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ’ব (Health insurance to ration card holder)৷ এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ যিকোনো হাস্পতালতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব ৷ আনহাতে এই পৰ্যন্ত ৰাজ্যৰ যিসমূহ জিলাত মেডিকেল কলেজ স্থাপন কৰা নাই, সেইসমূহতো মেডিকেল কলেজ স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত ড৹ শৰ্মাই কয় যে, বাকী থকা ত্ৰিশ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া আগন্তক দুমাহৰ ভিতৰত সমাপ্ত কৰা হ’ব (One Lakh govt job assurance)৷ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে বিধৱা পেঞ্চন লাভ কৰা মহিলায়ো অৰুণোদয়ৰ আঁচনিৰ ধন অহা ১০ এপ্ৰিলৰ পৰা লাভ কৰিবলৈ সক্ষম হ’ব ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এতিয়া উন্নয়নৰ বতাহ বলিছে ৷ অসম বন্ধ, আন্দোলন নোহোৱাৰ বাবেই চাৰিওফালে উন্নয়নৰ বতাহ বলিছে ৷ আগন্তুক তিনি বছৰলৈকে সংগঠনসমূহক আন্দোলনৰ বন্ধ ৰাখিবলৈ আহ্বান জনাই তেওঁ কয় যে আগন্তক তিনি বছৰত অসমে দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ’ব ৷

উল্লেখযোগ্য যে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নলবাৰী উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষেণা মহাবিদ্যালয়ৰ শুভ উদ্ধোধন, নলবাৰীত স্থাপন কৰা উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ শুভ উদ্বোধন, অসম মালাৰ(Asom Mala) অধীনত নিৰ্মীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে ৯ নং ৰাজ্যিক ঘাইপথ সংযোগী বিদ্যানুৰাগী বিশ্বনাথ শৰ্মাৰ পথৰ শুভ উদ্ধোধন কৰে ৷

ইয়াৰ উপৰিও নলবাৰী সঁৰিয়হতলীত প্ৰস্তাৱিত জিলা ক্ৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন, নলবাৰী সংহত জিলা উপায়ুক্ত কাৰ্যলয়ৰ আধাৰশিলা স্থাপন আদিৰ লগতে অসম মালাৰ অধীনত মুকালমুৱা-জাগৰা-বনগাঁও পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ উপৰিও নলবাৰী চহৰৰ মূল ৬ টা পথৰ উন্নীতকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেঁওগ, ৰণজিৎ কুমাৰ দাস, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু অশোক শৰ্মাৰ উপৰিও সীমান্ত শেখৰ, নলবাৰী জিলাৰ উপায়ুক্ত আদি ৷

জনসভা সমাপ্তিৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্যৰ(Badruddin Ajmal controversy) প্ৰসংগত কয় যে অসমত যিমান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে সকলো কৰিমগঞ্জ আৰক্ষীলৈ পঠিওৱা হৈছে ৷ কৰিমগঞ্জ আৰক্ষীয়ে আজমলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : CM Himanta Biswa Sarma Angry: DC-ADC ক বিচাৰি জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.