নলবাৰী, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনটোত নলবাৰী জিলাৰ এজন ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ । জিলাখনৰ মৰোৱাৰ উদ্যমী যুৱক তথা ব্যৱসায়ী ৰিংকু বৰুৱাই আৰ্থিকভাৱে দুৰ্বল লোকক গৰম কাপোৰ প্ৰদান কৰি দাঙি ধৰিলে মানৱতাৰ নিদৰ্শন ৷
ৰিংকু বৰুৱাই প্ৰায় 150 টা পৰিয়ালৰ মানুহৰ মাজত বিতৰণ কৰিলে কাপোৰ । উল্লেখ্য যে, লক ডাউনৰ সময়তো ব্যৱসায়ী গৰাকীয়ে সহস্ৰাধিক দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছিল ।
লগতে পঢ়ক : বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত