নলবাৰী, 20 ডিচেম্বৰ : মুকালমুৱাৰ চান্দাত দুই ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষ ৷ দেওবাৰে মুকালমুৱাৰ চান্দাত বহ্মপুত্ৰ নৈৰ চাপৰিত কৰা খেতিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘাতৰ(Two groups clash at mukalmua) ৷ যাঠি, জোং লৈ হোৱা আক্ৰমণৰ ফলত আহত হয় কেইবাজনো লোক ৷
জানিব পৰা মতে, মুকালমুৱাৰ চান্দা গাৱঁৰ পৰেশ হালৈ নামৰ লোকজনে চৰ চাপৰিৰ এডোখৰ ভূমিত কৰিছিল মাহৰ খেতি ৷ পৰেশ হালৈৰ এই খেতিডৰা বলপূৰ্বকভাবে একাংশ লোকে দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে চান্দা গাৱঁৰ ৰাইজে ।
প্ৰথমে খেতি ডৰাক লৈ দুয়ো ফৈদৰ মাজত সৃষ্টি হয় বাক বিতণ্ডাৰ (Clash between two groups at Mukalmua)। ইয়াৰ পাছতে দুই ফৈদৰ মাজত প্ৰথমে তৰ্কাতৰ্কিৰ সূত্ৰপাট ঘটি পৰৱৰ্তী সময়ত ই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ৰূপ লয় ৷ ফলত দুয়ো ফৈদৰ মুঠ পাঁচজনকৈ লোক আহত হয় । আহত লোক কেইজন ক্ৰমে প্ৰতুল হালৈ, বসন্ত হালৈ, পৰেশ হালৈ, চন্দন পাঠক আৰু নাজিৰ আলী বুলি জানিব পৰা গৈছে ।
ইয়াৰ পাছতে গুৰুতৰভাবে আহত লোক কেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান এই ঘটনাৰ সন্দৰ্ভত নলবাৰী আৰক্ষী অধীক্ষক আৰু মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : কলগাছিয়াত দুই ফৈদৰ সংঘাতত ৪ জন আহত