নলবাৰী, 23 নৱেম্বৰ : নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল ৷ চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সমিতিৰ আহ্বানত নলবাৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি,শ্ৰমিক, কৃষক আৰু নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে শ্ৰমিক সমাৱেশ ৷ নলবাৰী চহৰৰ মাজৰে দুই শতাধিক শ্ৰমিকে প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্ল'গানেৰে নলবাৰীৰ আকাশ বতাহ কঁপাই তোলে ৷
সংগঠনটোৱে চৰকাৰে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰাৰ লগতে অপৰিকল্পিত ভাৱে ল'কডাউন ঘোষণা কৰি ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰি পেলোৱাৰ বাবে এই তীব্ৰ সংগ্ৰাম গঢ়ি তুলিছে বুলি মন্তব্য কৰে ৷ নলবাৰী চিআই টি ইউৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই ২৬ নৱেম্বৰত ভাৰত বন্ধ কৰাৰ বাবে প্ৰচাৰ কাৰ্য চলাইছে বুলি প্ৰতিবাদকাৰীয়ে মত প্ৰকাশ কৰে ৷
![As_nlb_01__CITU_Protest_vis_as10004](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9637538_ytidt7.jpg)
লগতে পঢ়ক:মিউজিক থেৰাপী প্ৰদান কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক