ETV Bharat / state

Evil of child marriage: পিতৃৰ অজ্ঞাতে মাতৃয়ে পুত্ৰ-কন্যাৰ বাল্য বিবাহ সমাপন কৰাৰ অভিযোগ - বেটি বাচাও বেটি পঢ়াও

নলবাৰীৰ মুকালমুৱাৰ অহতাত পিতৃৰ অজ্ঞাতে মাতৃয়ে সমাপন কৰিলে পুত্ৰ-কন্যাৰ বাল্য বিবাহ (Child Marriage Incident at Mukalmua)। কৰ্মসূত্ৰে পিতৃ ঘৰৰ পৰা বাহিৰত থকা সুযোগ লৈয়ে অভিযুক্ত মহিলাগৰাকীয়ে সমাপন কৰে পুত্ৰ-কন্যাৰ বাল্য-বিবাহ ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Evil of child marriage
পিতৃৰ অজ্ঞাতে মাতৃয়ে পুত্ৰ-কন্যাৰ বাল্য বিবাহ সমাপন কৰাৰ অভিযোগ
author img

By

Published : Dec 2, 2022, 3:16 PM IST

নলবাৰী, ২ ডিচেম্বৰ : চৰ্চাত আকৌ বাল্য বিবাহৰ প্ৰসংগ ৷ ৰাজ্যত বিভিন্ন সময়ত সংঘটিত হৈ আহিছে বাল্য বিবাহৰ দৰে কুপ্ৰথা (Evil of child marriage) ৷ যি সময়ত চৰকাৰে "বেটি বাচাও বেটি পঢ়াও"ৰ দৰে আচঁ‌নি প্ৰস্তুতেৰে যুৱতী-মহিলাসকলক শিক্ষিত তথা তেওলোকৰ ক্ষমতা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘটি আহিছে বাল্য বিবাহৰ দৰে কুপ্ৰথা ৷

শেহতীয়াকৈ পোহৰলৈ আহিছে এনে এক জঘন্য ঘটনা (Child Marriage Incident) ৷ পিতৃৰ অজ্ঞাতে মাতৃয়ে তেওঁৰ নাবালিকাক দিলে বিয়া ৷ কেৱল নাবালিকাগৰাকীকে নহয়, 20 বছৰীয়া পুত্ৰৰো বিবাহ সম্পন্ন কৰিলে নিজ মাতৃয়ে ৷ এই অভিযোগ অভিযুক্ত মহিলাগৰাকীৰ স্বামীৰ ৷

এই ঘটনা পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : Domestic violence case in Tezpur: সাহিত্য সভাৰ সম্পাদকৰ অত্যাচাৰত অতিষ্ঠ পত্নীয়ে কাষ চাপিছে আৰক্ষীৰ

ঘটনাৰ স্থান নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত আহতাত (Child Marriage Incident at Mukalmua) ৷ ঘটনাৰ বিৱৰণি অনুসৰি, আহতা গাঁৱৰ এজন লোকে কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত আছিল ৷ সেই সুযোগতে ব্যক্তিগৰাকীৰ পত্নীয়ে নিজ সন্তানৰ বাল্য বিবাহ সম্পন্ন কৰে ৷ সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি হতভম্ব হয় অভিযুক্ত মহিলাগৰাকীৰ স্বামী ৷

উপায়ন্তৰ হৈ অভিযুক্ত মহিলাগৰাকীৰ স্বামীয়ে কাষ চাপে আৰক্ষীৰ ৷ এই সন্দৰ্ভত ব্যক্তিগৰাকীয়ে মুকালমুৱা আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ ইফালে এই ঘটনা সন্দৰ্ভত অভিযুক্ত মহিলাগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত সকলো কথা নস্যাৎ কৰে মহিলাগৰাকীয়ে ৷ কিন্তু সংবাদ মাধ্যমৰ সন্মুখত এই কথা স্পষ্টভাৱে সদৰী কৰে অভিযুক্ত মহিলাগৰাকীৰ স্বামীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিশেষকৈ সংখ্যালঘু অঞ্চলত এতিয়াও বাল্য বিবাহৰ দৰে ঘটনা পোহৰলৈ অহা পৰিলক্ষিত হয় ৷ সম্ভৱত শিক্ষাৰ অভাৱৰ বাবেই এনে ঘটনা আজিও সংঘটিত হৈ আহিছে ৷ মুকালমুৱাৰ আহতাত সংঘটিত হোৱা এই ঘটনাক সচেতন মহলে ধিক্কাৰ জনাইছে ৷

লগতে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অভিযুক্ত মহিলাগৰাকীৰ স্বামীৰ লগতে অঞ্চলটোৰ সচেতন মহলে ।

লগতে পঢ়ক : DU ragging updates: এন্টি ৰেগিং সমিতিৰ বৈঠকত গ্ৰহণ কৰা নহ'ল কোনো ধৰণৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.