ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে ভিন্ন প্ৰান্তত প্ৰতিবাদ - কৃষক মুক্তি সংগ্ৰাম সমিতি

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ সহ আন আন প্ৰতিবাদকাৰীত বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সমিতিৰ নলবাৰী জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

নলবাৰী
নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে ভিন্ন প্ৰান্তত প্ৰতিবাদ
author img

By

Published : Dec 30, 2019, 7:00 PM IST

নলবাৰী, 30 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে টিহুৰ পৰা আৰম্ভ আছুৰ বাইক ৰেলী । প্ৰায় দুই শতাধিক ৰাইজৰ অংশগ্ৰহণেৰে সোমবাৰে টিহু, বৰমা, মাখিবাহা, নতুন দেহৰকে ধৰি ৬ খন আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত গাৱে-ভূঞে আছু কৰ্মী সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বাইক ৰেলী বাহিৰ কৰে ৷ ৰেলীৰ সমান্তৰালকৈ প্ৰতিটো ৰাজহুৱা স্থানতে পথ সভা কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই ।

টিহুৰ পৰা আৰম্ভ আছুৰ বাইক ৰেলী

ইয়াৰ লগতে নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ সহ আন আন প্ৰতিবাদকাৰীত বিনা চৰ্তে মুক্তিৰ দাবীত নলবাৰী জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । চহৰখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাধ্যমেৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গোলাঘাট, 30 ডিচেম্বৰঃ গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ বৃহৎ প্ৰতিবাদ । চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে চাহ বাগিচাৰ লাইন কোৱাৰ্টাৰ সহ মাটিৰ পট্টা প্ৰদান, শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰা, জনজাতিকৰণ কৰা, শ্ৰমিক আইন সংশোধন কৰা আৰু মাইক্ৰফাইনেঞ্চ কোম্পানীসমূহ বন্ধ কৰাৰ দাবীত গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ।

গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নগাঁও, 30 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিয়ে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সাংবাদিক সন্থাই । অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁও জিলা সাহিত্য সভা, ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বহুকেইটা সংগঠনৰ নেতাই অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে ।

নগাঁৱত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিবাদ

আৰু পঢ়কঃ হস্তী মানৱৰ এখন ভয়ানক যুঁজ !

Intro:নলবাৰীত আছুৰ বিশাল বাইক ৰেলী।
কাৰ বিৰোধিতাৰে আছুৰ বাইক ৰেলী।Body:কাৰ বিৰোধীতাৰে টিহুৰ পৰা আৰম্ভ হল আছুৰ বাইক ৰেলী।অংশ ললে দুই শতাধিক বাইক ।কা বিৰোধী ধ্বনি দি ৰাজপথলৈ ওলাই আহিল কেইবাশতাধিক প্ৰতিবাদী ৰাইজ।উল্লেখযোগ্য যে সংশোধনী নাগৰিকত্ব আইনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে নলবাৰী জিলা ছাত্র সন্থাই ও ঘোষণা কৰিছিল এলানি কাৰ্য্যসূচী।জিলা ছাত্র সন্থাই ঘোষণা কৰা কাৰ্য্যসূচী অনুসৰি আজি টিহু,বৰমা,মাখিবাহা, নতুন দেহৰকে ধৰি ৬ খন আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত গাৱে-ভূঞে আছু কৰ্মী সকলে "কা"ৰ বিৰোধিতাৰে বাইক ৰেলী উলিয়াই আৰু প্ৰতিটো ৰাজহুৱা স্থানতে পথ সভা কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই।উক্ত বাইক ৰেলী কাৰ্য্যসূচীত জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য ভৱজিৎ বেজবৰুৱাই উদাত্ত কন্ঠৰে ভাষণ দি প্ৰতিজন খিলঞ্জীয়াক "কা"ৰ বিৰোধিতা কৰিবলৈ আহবান জনাই ।।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.