ETV Bharat / state

নিৰ্বাচনী কুচকাৱাজ, নলবাৰীত অগপৰ বুথ কৰ্মী সন্মিলন

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:37 PM IST

AGP Booth Conference : নলবাৰীত অসম গণ পৰিষদৰ বৰপেটা লোকসভা সমষ্টি ভিত্তিত বুথ কৰ্মী সন্মিলন । অতুল বৰা, কেশৱ মহন্তকে ধৰি অগপৰ বহু জ্যেষ্ঠ নেতা উপস্থিত ৷

AGP Booth Conference
লোকসভা নিৰ্বাচনৰ কুচকাৱাজ

অগপৰ বৰপেটা লোকসভা সমষ্টি ভিত্তিত বুথ কৰ্মী সন্মিলন

নলবাৰী, 8 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে অগপ দলৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে নিৰ্বাচনী কুচকাৱাজত নামিছে আঞ্চলিক দলটো ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি নলবাৰীত ৰণডংকা বজাই দলটোৱে ৷

এসময়ত আঞ্চলিকতাবাদৰ ভেটি হিচাবে পৰিচিত নলবাৰীত দলটোৰ বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিত নলবাৰীৰ পৰাই লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে দলটোৱে ৷ আজি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত অসম গণ পৰিষদৰ বুথ পৰ্যায়ৰ কৰ্মী সন্মিলন অনুষ্ঠিত হয় ৷ বৰপেটা লোকসভা সমষ্টি ভিত্তিত নলবাৰীত বিশাল সভাৰ আয়োজনেৰে আজি অনুষ্ঠিত হয় এই বুথ পৰ্যায়ৰ কৰ্মীৰ সন্মিলনখনি ৷

এই বুথ সন্মিলনত উপস্থিত থাকে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত , সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নুৰুল হককে আদি কৰি বহু জ্যেষ্ঠ অগপৰ নেতা-কৰ্মী ৷ সভাখনিত প্ৰায় 12 হাজাৰ অগপ নেতা-কৰ্মী উপস্থিত থাকে ৷ য'ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ আঢ়ৈ হাজাৰ বুথ কৰ্মীৰ লগতে দলটোৰ বিভিন্ন বিভাগত নিয়োজিত নেতা-কৰ্মী সকল উপস্থিত থাকে ৷

আনহাতে এইবাৰ বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ মুক্ত হ’ব বুলি দাবী কৰে মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই ৷ কংগ্ৰেছ, এ আই ইউ ডি এফক তীক্ষ্ণ সমালোচনা অগপৰ নেতা গৰাকীৰ ৷ লগতে সাংবাদিকে সোধা প্ৰশ্নত আসন সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত আলোচনা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷

ইফালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইয়ো বৰপেটা সমষ্টি এইবাৰ কংগ্ৰেছৰ হাতৰ পৰা উদ্ধাৰ হব বুলি মন্তব্য কৰে ৷ আনহাতে অগপৰ নিৰ্বাচিত প্ৰাৰ্থী তালিকা ফেব্ৰুৱাৰীত প্ৰকাশ হ’ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক : অগপৰ ইতিহাসৰ পাত লুটিয়াই মঞ্চতে উচুপনি ফণীভূষণ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.