নলবাৰী, 23 জুন : হায় মানৱতা ! নলবাৰীত পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকাউনীয়াৰ শচীন বৰ্মন নামৰ লোকজনৰ ঘৰৰ পাছফালে থকা এটা পুখুৰীত উদ্ধাৰ হয় এটা নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered at Tihu) ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে পুৱাৰ ভাগত দহকাউনীয়াৰ শচীন বৰ্মন নামৰ লোকজনৰ বাৰীৰ পিছফালে থকা এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অৰ্ধগলিত নৱজাতকৰ মৃতদেহটো । তাৰ পাচতে খবৰ দিয়া হয় টিহু আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় টিহু আৰক্ষীৰ এটা দল ৷
তাৰ পাচত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহ (Police recovered dead body of newborn baby) ৷
আৰক্ষী আৰু স্থানীয় লোকৰ সন্দেহ, কোনো লোকে নিজৰ কু-কৰ্ম লুকুৱাবলৈ নৱজাতকটি পেলাই দিছিল পুখুৰীলৈ ৷ এনে মানসিকতাৰ লোকক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক : ঘগ্ৰাপাৰৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ