ETV Bharat / state

মুকালমুৱাত পৰম্পৰাগতা নাও খেল প্ৰতিযোগিতা - Boat game competition at Loharkatha in Nalbar

সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে পৰম্পৰাগত নাও খেল। সেয়েহে এই নাও খেলক ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে নলবাৰী জিলাত(Boat game competition in Nalbari)। পাগলদিয়া নৈৰ পাৰত হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰে এই প্ৰতিযোগিতাখন।

Boat game competition in Nalbari
মুকালমুৱাত পৰম্পৰাগতা নাও খেল প্ৰতিযোগিতা
author img

By

Published : Aug 18, 2022, 12:19 PM IST

নলবাৰী, ১৮ আগষ্ট: আধুনিকতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰাম্পৰাগত নাও খেল । তথ্য় অনুসৰি অতীতৰে পৰা যিবোৰ খেল অসমত প্ৰচলিত হৈ আহিছে তাৰ ভিতৰত অন্যতম নাও খেল ৷ পানীৰ সৈতে জড়িত খেলসমুহ অতিপুৰণি বুলি ক'ব পাৰি ৷ অৱশ্য়ে আধুনিকতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰাম্পৰাগত নাও খেল । হেৰাই যাবলৈ ধৰা এই পৰম্পৰাগত নাও খেলক ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে নলবাৰী জিলাত(Boat game competition at Loharkatha in Nalbari)।

মুকালমুৱাত পৰম্পৰাগতা নাও খেল প্ৰতিযোগিতা

জিলাখনৰ মুকালমুৱাৰ 2 নং লোহাৰকাঠাত অনুষ্ঠিত হয় অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা । দীপজ্যোতি সংঘ আৰু পুথিভৰালৰ সৌজন্যত বুধবাৰে অসম ভিত্তিত অনুষ্ঠিত ১০সংখ্যক নাও খেল প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণৰ(GMDA) অধ্যক্ষ নাৰায়ণ ডেকাই।

উক্ত প্ৰতিযোগিতাখনত ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ ১৩ টা দলে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ৰোমাঞ্চকৰ ফাইনেল খেলখনত মা-ৰূপহী আৰু মিছ-মৌচুমী দল দুটাৰ মাজত অনুষ্ঠিত হয় । এই ফাইনেল খেলখনত মুকালমুৱাৰ মিছ মৌচুমী দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । পাগলদিয়া নৈৰ পাৰত হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰে এই প্ৰতিযোগিতাখন ।

উল্লেখ্য় যে উক্ত অঞ্চলটোত নাও খেলৰ বাবে আছে বিশেষ সুনাম। সেয়েহে প্ৰতি বছৰে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগিতাখনৰ জড়িয়তে সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্ববোধ অটুট ৰাখিবলৈ প্ৰয়াস কৰা বুলি কয় উদ্যোগতাসকলে ।

লগতে পঢ়ক:FIFA ই AIFF ক নিলম্বন কৰাৰ বাবে কেনে প্ৰভাৱ পৰিব ভাৰতীয় ক্ৰীড়াত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.