নলবাৰী,28 আগষ্ট: নলবাৰী চহৰৰ সমীপৱৰ্তী ইণ্ড্ৰাষ্টী চ’কত অৱস্থিত কামৰূপা এলুমিনিয়াম ওৱৰ্কছ নামৰ এক ছিলভাৰ উদ্যোগত শুকুৰবাৰে এক বিস্ফোৰণ ঘটে । উক্ত বিস্ফোৰণৰ ফলত আহত হয় দুই শ্ৰমিক । আহত লোক দুগৰাকী ক্ৰমে ইক্ৰামুল হুছেইন আৰু কমল ডেকা ।
ঘটনাৰ বিৱৰণী অনুসৰি,উদ্যোগটোত মজুত থকা যন্ত্ৰপাতি গেছৰ সহায়ত চলিব লাগে যদিও উপযুক্ত পৰিমাণৰ গেছ নোপোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত ঘটে ৷ উক্ত বিস্ফোৰণৰ ফলত উদ্যোগটোৰ সামগ্ৰীসমূহ ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় ।
তাৎপৰ্যপূৰ্ণভাৱে উদ্যোগটোত কাম কৰা কৰ্মচাৰীসমূহৰ বাবে নাই কোনো উপযুক্ত সা-সুবিধা । লগতে আজি পৰ্যন্ত কোনো জীৱন বীমাৰ সুবিধা লাভ কৰা নাই কৰ্মচাৰীসকলে ৷ শ্ৰমিকসকলৰ সুৰক্ষাৰ সন্দৰ্ভত কোনো বিহীত ব্যৱস্থা মালিকপক্ষই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে উদ্যোগটোত কৰ্মৰত শ্ৰমিকসকলে ৷ অৱশ্যে পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত শ্ৰমিক দুগৰাকীক ঘটনাস্থলীত উপস্থিত থকা অন্য শ্ৰমিকে চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷
লগতে চাওকঃ এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ