নলবাৰী, 28 ফেব্ৰুৱাৰী : নলবাৰীৰ বৰভাগত দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত কোনো লোকে শিলাবৰ্ষণ কৰে ৷ এজেপিৰ সভাপতিগৰাকীৰ লগতে এজেপিৰ সমৰ্থকৰ বাহনতো শিলাবৰ্ষণ কৰে একাংশ লোকে ৷ একাংশ বিজেপি সমৰ্থকে এই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
এজেপিৰ সভাপতি লুৰিণ জ্যোতিৰ নলবাৰী গমনে কঁপনি তুলিছে গেৰুৱা বাহিনীত৷ যাৰবাবে আজি লুৰিণ জ্যোতিয়ে নলবাৰীৰ আল্লিয়াৰ সোনকুৰিহাৰ সভা সামৰি বাঁহজানীৰ সভাত অংশ ল’বলৈ যোৱাৰ সময়তে লুৰিণজ্যোতিসহ সমৰ্থকসকলৰ বাহন একাংশ গেৰুৱা বাহিনীৰ সমৰ্থকে আগুচি আক্ৰমণ কৰে ৷ গেৰুৱা বাহিনীৰ সমৰ্থকৰ এই আক্ৰমণত কথমপি ৰক্ষা পৰে এজেপিৰ সভাপতি লুৰিণজ্যোতিৰ লগতে এজেপিৰ সমৰ্থকসকল ৷ অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই বৰ্তমান ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ওচৰত অভিযোগ দাখিল কৰিছে ।
লগতে পঢ়ক : চামগুৰি সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ