পাটশালা,14 মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত মোক্ষম আঘাত কৰে ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকে ৷ পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী ফণী পাঠকে দেওবাৰে পদত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৷
উল্লেখ্য যে, 2011 চনত বিজেপিত অংশগ্ৰহণ কৰিছিল সদ্য পদত্যাগী নেতা ফণী পাঠকে ৷ পৰৱৰ্তী পৰ্যায়ত বজালী জিলা বিজেপিৰ নেতৃত্ব লৈ জিলা সভাপতি পদত অধিষ্ঠিত হৈছিল পাঠক । পৰৱৰ্তী সময়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ফণী পাঠকে ৷
প্ৰাপ্ত তথ্য অনুসৰি, দলীয় নেতৃত্ব আৰু সভাপতি ৰণজিৎ কুমাৰ দাসৰ প্ৰতি ক্ষোভিত হৈ ভাৰতীয় জনতা পাৰ্টীৰ পদত্যাগ কৰে নেতাজনে ৷ দেওবাৰে সদ্য পদত্যাগী নেতা গৰাকীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসলৈ ৷
লগতে পঢ়ক: অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ