ETV Bharat / state

পাটাছাৰকুছিত বিজেপিৰ সাম্ভৱ্য প্ৰাৰ্থী হিচাপে চৰ্চিত ফণী পাঠক - পবিন্দ্ৰ ডেকা

পাটাছাৰকুছি বিধান সভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে চৰ্চিত হৈ পৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠক ৷ বিগত বিধান সভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাৰ বিজয়ত আগভাগ লোৱা ফণী পাঠকে সমষ্টি বাসীক পবিন্দ্ৰ ডেকাই বিশ্বাসঘাতকতা কৰা বুলি সংবাদমাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে ৷

bjp-candidate-of-patacharkuchi-constituency
পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সাম্ভৱ্য প্ৰাৰ্থী হিচাপে চৰ্চিত ফণী পাঠক
author img

By

Published : Feb 14, 2021, 9:15 PM IST

নলবাৰী,14ফেব্ৰুৱাৰী:ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ইয়াকে লৈ প্ৰতিটো সমষ্টিতে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ পিছ পৰি থকা নাই পাটাছাৰকুছি বিধান সভা সমষ্টি ৷

বিগত বিধান সভা নিৰ্বাচনত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী হিচাপে পবিন্দ্ৰ ডেকাই জয়লাভ কৰিছিল ৷ কিন্তু এইবাৰ পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিভিন্ন সভা-সমিতিত উল্লেখ কৰাত উৎফুল্লিত হৈ পৰিছে পাটাছাৰকুছিৰ বিজেপিৰ নেতা-কৰ্মী সকল ৷ এইক্ষেত্ৰত এতিয়া চৰ্চালৈ আহিছে একালৰ আছু নেতা তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক মুখপত্ৰ ফণী পাঠকৰ নাম ৷

পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সাম্ভৱ্য প্ৰাৰ্থী হিচাপে চৰ্চিত ফণী পাঠক

উল্লেখ্য যে, বিগত সময়ছোৱাত বহু সামাজিক কামত সেৱা আগবঢ়াই অহাৰ লগতে বানপানী, কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ সময়তো ফণী পাঠকে সকলৰ কাষত থিয় হৈ সেৱা আগবঢ়াই আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া ফণী পাঠক ৷

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো অতি ঘনিষ্ঠ হিচাপে পৰিচিত ফণী পাঠক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰো অতি ঘনিষ্ঠ ৷ সেয়েহে ফণী পাঠক বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি একপ্ৰকাৰ সমষ্টিটোত নিশ্চিত হৈছে ৷

তদুপৰি ফণী পাঠকেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলি ৰাইজৰ মাজত সোমাই পৰিছে । বিগত বিধান সভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাৰ বিজয়ত আগভাগ লোৱা ফণী পাঠকে সমষ্টি বাসীক পবিন্দ্ৰ ডেকাই বিশ্বাসঘাতকতা কৰা বুলি সংবাদমাধ্যমৰ আগত অভিযোগ কৰে ৷

ইয়াৰ লগতে অগপৰ পৰা গৈ এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰি কাৰ্যকৰী সভাপতিৰ দায়িত্ব লোৱা পবিন্দ্ৰ ডেকাক সুবিধাবাদী আখ্যা দি এইবাৰ ৰাইজে ভোট নিদিয়ে বুলি উল্লেখ কৰাৰ উপৰি উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিক ভোট দিব বুলি দেওবাৰে টিহুত মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকে ।

লগতে পঢ়কঃ অসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.