নলবাৰী,26 অক্টোবৰ: নলবাৰীতো পালন কৰা হৈছে বিজয়া দশমী ৷ ষষ্ঠীৰ বেদীত স্থাপন কৰা দেৱী দুৰ্গাক বিসৰ্জন দিয়া হয় দশমীৰ দিনা ৷ নলবাৰীবাসীয়েও কোভিড প্ৰট’কল মানি চলি অংশগ্ৰহণ কৰে দেৱী বিসৰ্জনত ৷ চহৰখনৰ সমীপৰে বৈ যোৱা পাগলাদিয়া নদীত অনুষ্ঠিত হয় দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷
কিন্তু পূৰ্বৰ তুলনাত কোভিড 19 ৰ সংক্ৰমণৰ বাবে এইবাৰ ভক্তৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয় ৷ সীমিত সংখ্যক ভক্ত আৰু পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত বিসৰ্জন দিয়া হ’ল দেৱী দুৰ্গাক ৷ বিসৰ্জনস্থলীত যাতে কোনো অঘটন নঘটে তাৰ বাবে সষ্টম হৈ আছে এছডিআৰএফ বাহিনী ৷
লগতে চাওকঃ এসময়ৰ উত্তৰ-পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাৱন দাহ কাৰ্যসূচী এতিয়া অতীত