ETV Bharat / state

বৰভাগ মহাবিদ্যালয় পৰিৱৰ্তিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ - কোৱাৰেণ্টাইন কেন্দ্ৰ

নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত স্থাপন কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ জিলা প্ৰশাসনৰ তৎপৰতাত সজাই পৰাই অত্যাধুনিক ৰূপেৰে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা বৰভাগ মহাবিদ্যালয়লৈ ইতিমধ্যে সোঁত বৈছে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ ৷ জিলা স্বাস্থ্য বিভাগে প্ৰতিজন লোকৰে স্বাস্থ্য পৰীক্ষাৰ সুকীয়া বন্দোবস্ত কৰা দেখা গৈছে ৷

Barbhag College become quarantine center nalbari assam etv bharat news
বৰভাগ মহাবিদ্যালয় পৰিৱৰ্তিত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ
author img

By

Published : Jun 1, 2020, 3:17 PM IST

নলবাৰী, 1 জুন: নলবাৰী জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ তৎপৰতাত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে বৰভাগ মহাবিদ্যালয় ৷ উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰত সোমবাৰৰ দিনটোলৈ বহিঃৰাজ্যৰ পৰা অহা 29 জন লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ কেন্দ্ৰটোত থকা লোকসকলৰ ভিতৰত 25 জন লোক গোৱাৰ পৰা অহাৰ লগতে তিনিজন তামিলনাডু আৰু এগৰাকী লোক আহিছে দিল্লীৰ পৰা ৷ দলটোৰ ভিতৰত পিতৃ-মাতৃসহ এটি তিনিবছৰীয়া শিশুও আছে ।

বৰভাগ মহাবিদ্যালয়

আনহাতে,200 গৰাকী লোকক কোৱাৰেণ্টাইন কৰিব পৰাকৈ সুবিধা থকা বৰভাগ মহাবিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা লোকসকল জিলাখনৰ সমীপৱৰ্তী মুকালমুৱা,টিহু,বৰনৰ্দী,বড়িদতৰা আদি কেবাখনো গাঁৱৰ। কেন্দ্ৰটোত থকা আটাইকেইজন লোকক স্বাস্থ্য বিভাগৰ এটা দলে প্ৰথম পৰ্যায়ত স্ক্ৰীনিং পদ্ধতিৰে পৰীক্ষা কৰে । সোমবাৰে বিয়লিৰ ভাগত লোকসকলৰ স্বাৱ সংগ্ৰহ কৰি প্ৰেৰণ কৰা হ’ব পৰীক্ষাগাৰলৈ ।

লগতে চাওকঃ বন্যাৰ্তক মন্ত্ৰীৰ সান্তনা : কংগ্ৰেছৰ বাবেহে ভুগিব লগা হৈছে দুৰ্ভোগ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.