নলবাৰী, ৮ জুন : কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধ সম্পৰ্কত আৰু এই ভাইৰাছবিধৰ গণ সংক্ৰমণ ৰোধৰ বাবে ল'বলগীয়া সকলো ধৰণৰ যাৱতীয় সাৱধানতা লোৱাৰ উদ্দেশ্য আগত ৰাখি নলবাৰী জিলাৰ জিলা দণ্ডাধীশ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে সমগ্ৰ জিলাতে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি অধিনিয়মৰ ১৪৪ ধাৰাৰ অধীনত আৰু দুৰ্যোগ প্ৰশমন আইন,২০০৫ৰ ৩৪ নং ধাৰা প্ৰয়োগ কৰি ধঁপাতৰ উৎপাদন,বিক্ৰী আৰু সেৱনত নিষেধাজ্ঞা জাৰি কৰিছে ।
![ban tobacco products in assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05:36_as-nlb-02-8jun-dc-order-photo-as10004_08062020173419_0806f_1591617859_308.jpg)
বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত বিষয়টোৰ আৱশ্যকতা অনুধাৱন কৰি এই নিষেধাজ্ঞা তৎকালীনভাৱে বলবৎ কৰা হ'ব আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত এই আদেশ সমগ্ৰ জিলাতে বাহাল থাকিব বুলি দণ্ডাধীশ গৰাকীয়ে জানিব দিয়ে ।
এই নিষেধাজ্ঞাৰ যিকোনো উলংঘন ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাৰ অধীনত দণ্ডনীয় হিচাপে বিবেচিত হ'ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক : বলিউডে শিশুসকলক আস্বাস্থ্যকৰ ব্যৱহাৰৰ প্ৰতি উদ্গনি যোগাইছে: গৱেষণা