ETV Bharat / state

75th years of independence : আজাদী কা অমৃত মহোৎসৱত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ - আজাদী কা অমৃত মহোৎসৱ

নলবাৰীত উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ(Azadi ka amrit mahotsav celebrated in nalbari) ৷ দেশে স্বাধীনতা লাভৰ 75 বছৰ পূৰ্ণ(75th years of independence) কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে পালন কৰা হৈছে অমৃত মহোৎসৱ ৷ নলবাৰী জিলাত অমৃত মহোৎসৱৰ কাৰ্যসূচীত মঙলবাৰে উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷

azadi-ka-amrit-mahotsav-celebrated-in-nalbari
নলবাৰীত উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ
author img

By

Published : Jun 1, 2022, 2:15 PM IST

নলবাৰী, 1 জুন : নলবাৰীত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে গৰীৱ কল্যাণ সন্মিলন নামৰ এক অনলাইন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠান । এই কাৰ্যসূচীত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সমষ্টিটোৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ।

উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঌ টা বিভাগৰ ১৬ খন আঁচনি সন্দৰ্ভত অনলাইনযোগে ভাষণ প্ৰদান কৰাৰ লগতে হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ নাজিৰাৰ কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয় ।

নলবাৰীত উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ

অনুষ্ঠানত আৱাস গৃহ নিৰ্মাণ, খোৱাপানীৰ যোগান, খাদ্য, স্বাস্থ্য আৰু পুষ্টিকৰ আঁচনি সন্দৰ্ভত অনলাইনযোগে আলোচনা কৰা হয় । এই অনলাইন কাৰ্যসূচীত প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি, স্বচ্ছ ভাৰত অভিযান, জলজীৱন মিছন আৰু অটল অমৃত যোজনা, প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি, এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ অন্ন যোজনা, আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আদিৰ সন্দৰ্ভতো আলোচনা কৰা হয় ৷

লগতে চাওক: নলবাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.