ETV Bharat / state

সভাৰ মাজতে যুক্তি-তৰ্কত লিপ্ত অভিনেত্ৰী বৰষাৰাণী বিষয়া

মঙলবাৰে নলবাৰীৰ হেপী চাইল্ড একাডেমী নামেৰে এখন নতুন বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত অংগ লৈ যুক্তি আগবঢ়োৱা পৰিলক্ষিত হয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক ৷ সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে পৰোক্ষভাৱে বৰষাক সমালোচনা কৰাৰ পাচতে আবেগিক হৈ নিজৰ যুক্তি দাঙি ধৰে চৰ্চিত অভিনেত্ৰীগৰাকীয়ে ৷

barsharani bishaya
বৰষাৰাণী বিষয়া
author img

By

Published : Feb 2, 2021, 8:33 PM IST

নলবাৰী,2 ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ বনেকুছিৰ বৰনগৰত মঙলবাৰে হেপী চাইল্ড একাডেমী নামেৰে এখন নতুন বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ভাগ লয় জনপ্ৰিয় তথা চৰ্চিত অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ অনুষ্ঠানৰ মুকলি সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ভাষণৰ মাজতে পৰোক্ষভাৱে সমালোচনা কৰে অভিনেত্ৰী গৰাকীক ৷

অভিনেত্ৰী বৰষাৰ ব্যক্তিগত জীৱনৰ কিছু কথাক লৈ তেওঁক পৰোক্ষভাৱে সমালোচনা কৰাৰ পাচতে সভাপতি ধৰ্মকান্ত গগৈক উভতি ধৰে অভিনেত্ৰীগৰাকীয়ে ৷

বৰষাৰাণী বিষয়া

ধৰ্মকান্ত গগৈৰ ব্যক্তিগত চিন্তাক ‘পুৰুষসুলভ চিন্তা’ আখ্যা দিয়ে বৰষাৰাণী বিষয়াই ৷ ইয়াৰোপৰি, ৰাজনৈতিক ক্ষেত্ৰখনক লৈ তেওঁ কয় যে, লংকালৈ গৈ সকলো ৰাৱণ হৈছে ৷ ৰাইজ এতিয়া সজাগ হোৱাৰ সময় ৷ গণতন্ত্ৰৰ সৎ ৰূপ চাবলৈ হ’লে ৰাইজ সজাগ হ’ব লাগিব বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে ৷

নিজৰ ব্যক্তিগত সন্দৰ্ভত বৰষাই কয় যে, আজি তেওঁতকৈ কম বয়সীয়া ল’ৰাই তেওঁক আঁকোৱালি ল’বলৈ আগবাঢ়ি আহিছে, তেওঁৰ জীৱন সংগী হ’বলৈ আগবাঢ়ি আহিছে ৷ কোনোবাই যে তেওঁক চিৰদিনৰ বাবে হাতে হাত ধৰিব বিচাৰিছে, সেয়া কেতিয়াও তেওঁৰ ভুল সিদ্ধান্ত হ’ব নোৱাৰে বুলি অতি আবেগেৰে উল্লেখ কৰে বৰষাই ৷

বৰষাৰাণীয়ে ৰাজনীতি নকৰিলেও তেওঁৰ জাতিৰ প্ৰতি যি স্থিতি আৰু আন্তৰিকতা, সেই আন্তৰিকতা মৃত্যুৰ শেষ মূহুৰ্তলৈকে থাকিব ৷ তেওঁ কেতিয়াও ‘কা’ মানি ল’ব নোৱাৰে বুলিও মন্তব্য কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷ উক্ত সভাত উপস্থিত থাকে অভিনেত্ৰী বৰষাৰাণী বিষয়াসহ বিশিষ্ট সাংবাদিক দীপক শৰ্মা, অভিনেত্ৰী আশা বৰদলৈ, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈকে ধৰি বহুতো বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : কপিল-গিন্নীৰ জীৱনলৈ আহিল দ্বিতীয়টো সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.