ETV Bharat / state

আৰ্থিক দৈন্যতাই কন্দুৱাইছে ৰিল লাইফৰ ‘চুৰেণ’ক...

author img

By

Published : Aug 29, 2021, 2:20 PM IST

Updated : Aug 29, 2021, 6:14 PM IST

অভিনেতাৰ পৰা চাহ দোকানীলৈকে...‘ৰাখে হৰি মাৰে কোনে’ৰ ‘চুৰেণ’ক আপুনি জানেনে? ৰিল লাইফৰ চুৰেন তথা অসমীয়া বোলছবি জগত আৰু ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী অভিনেতা ভাস্কৰ বৰ্মন(Bhaskar Barman) এতিয়া পদপথৰ চাহ দোকানী ৷ কাল কৰ’ণাই(Corona) দুৰ্দশাগ্ৰস্ত কৰা অভিনেতাগৰাকীয়ে কিদৰে মোকাবিলা কৰিছে কৰ’ণাৰ সৈতে? চৰকাৰলৈ কি কাতৰ আহ্বান জনাইছে অভিনেতাগৰাকীয়ে? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

actor bhaskar barman in financial crisis
অভিনেতা ভাস্কৰ বৰ্মনৰ আৰ্থিক দুৰাৱস্থা

নলবাৰী, 29 আগষ্ট: মঞ্চ এৰি এতিয়া তেওঁৰ পৰিচয় পদপথৰ চাহ দোকানী হিচাপে ৷ অন্য শিল্পীসকলৰ লেখীয়াকৈ এইগৰাকী শিল্পীকো আৰ্থিকভাৱে জুৰুলা কৰিছে কাল কৰ’ণাই(Corona) ৷ ‘‘নাটক আমাৰ অক্সিজেন, আমাক নাটক কৰিবলৈ দিয়ক’’ ৷ পদপথত চাহ বেছি এইদৰে হতাশাত ভাগি পৰিছে অভিনেতাগৰাকীয়ে ৷

Bhaskar Barman with family
ভাস্কৰ বৰ্মনৰ পৰিয়াল

কৰ’ণাই আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত কৰাৰ ফলত পদপথত চাহ বিক্ৰী কৰি জীৱন সংগ্ৰাম চলাইছে অভিনেতাগৰাকীয়ে ৷ এয়া কোনো চিনেমা অথবা নাটকৰ ঘটনা নহয় ৷ এয়া হৈছে ‘চুৰেণ’ৰ ৰিয়েল লাইফৰ কাহিনী ৷ আমি ক’ব বিচাৰিছো সম্প্ৰতি টেলিভিশ্বনত প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘ৰাখে হৰি মাৰে কোনে’ৰ চুৰেণ ওৰফে ভাস্কৰ বৰ্মনৰ কথা ৷

আৰ্থিক দৈন্যতাই কন্দুৱাইছে ৰিল লাইফৰ ‘চুৰেণ’ক

অভিনয়ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা চুৰেণক ধাৰাবাহিকখনত দেখুওৱাৰ লেখীয়াকৈ বাস্তৱতো আৰ্থিক দৈন্যতাই জুৰুলা কৰিছে ৷ সম্প্ৰতি অভিনেতাগৰাকীৰ জীৱিকা নিৰ্বাহৰ সমল হৈছে এখন ক্ষুদ্ৰ চাহৰ দোকান ৷ পদপথত চাহ বেছি হতাশাত ভাগি পৰিছে অভিনেতাগৰাকী ৷

Bhaskar Barman
অভিনেতা ভাস্কৰ বৰ্মন

কাল কৰ’ণাই আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত কৰাৰ ফলত এনেদৰেই জীৱন সংগ্ৰাম চলাবলৈ বাধ্য হৈছে অভিনেতা ভাস্কৰ বৰ্মনে ৷ বহুকেইখন অসমীয়া বোলছবি, ধাৰাবাহিক তথা ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতাগৰাকীৰ পৰিচয় হৈ পৰিছে পদপথৰ ব্যৱসায়ী ৷ কৰ’ণা মহামাৰীয়ে দিশহাৰা কৰা অভিনেতাগৰাকীয়ে উপায়হীনহীন হৈ অন কেমেৰাত ক’লে জীৱনৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা ৷

বৃহত্তৰ ভ্ৰাম্যমাণ নাট্যদলকে ধৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি দৰ্শকক হহুৱাবলৈ সক্ষম হোৱা অভিনেতা ভাস্কৰ বৰ্মনে 1989 চনত জ্যোতিৰূপা থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমাণত খোজ পেলাইছিল । কিন্তু বিগত দুবছৰ ধৰি নাট্যদলসমূহ বন্ধ হৈ থকাৰ বাবে আৰ্থিক উপাৰ্জনো বন্ধ হৈ পৰে অভিনেতাগৰাকীৰ ৷

উপায়হীন হৈ তেওঁ মুকালমুৱাৰ জয়সাগৰস্থিত টাপাট্টাৰীত সহযোগী শিল্পী নৱাব হুছেইনৰ সৈতে চাহ ব্যৱসায়ত নামি পৰিছে ৷ পৰিয়াল চলাবলৈ প্লাষ্টিকৰ চালিৰ তলতে চাহৰ দোকান দিছে দুয়োগৰাকী শিল্পীয়ে ৷ ক’ভিড পৰিস্থিতিৰ সৈতে যুঁজি যুঁজি হাৰ মনা শিল্পী ভাস্কৰ বৰ্মনে শিল্পীসকলৰ বাবে আমাক ঋণ মোকলাবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ।

actor bhaskar barman as tea shopkeeper
চাহ দোকানত ব্যস্ত অভিনেতা ভাস্কৰ বৰ্মন

কিয়নো উপাৰ্জন অবিহনে পৰিয়াল পোহপাল দিয়াত ব্যৰ্থ হৈছে শিল্পী সমাজ ৷ ইফালে জীৱনৰ অধিকতৰ সময় ভ্ৰাম্যমাণত পাৰ কৰা অভিনেতাগৰাকীয়ে পুনৰ নাট্যদলসমূহ খুলি দিবলৈও আহ্বান জনাইছে ৰাজ্য চৰকাৰক ৷ অভিনয়কে জীৱনৰ সাৰথি হিচাপে লোৱা এইসকল অভিনেতাৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ কৰণীয় কি?

আশ্বাসতে সীমাৱদ্ধ থাকিব নেকি এইসকল শিল্পী ? আনক হহুবাই নিজে কান্দি থকা শিল্পীসকলৰ প্ৰতি দৰদ হ’বনে চৰকাৰ কিম্বা জন প্ৰতিনিধি? নে কেটেলীতে আবদ্ধ হৈ ৰ’ব জীৱন তেওঁলোকৰ দুৰ্বিসহ জীৱন?

লগতে পঢ়ক: কোনে ৰচনা কৰিছিল পাপনৰ জনপ্ৰিয় গীত ‘শ্যামৰায় কলিয়া’ ?

Last Updated : Aug 29, 2021, 6:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.