সমাজত সততে সংঘটিত হৈ থকা বহু অনাকাংক্ষিত ঘটনাবহুল সমস্যাৰ মাজতে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে নলবাৰীৰ অন্যতম স্বেচ্ছাসেৱী নলবাৰীৰ অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চই ৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন....
মানৱতাৰ এখন জুলনা ! - মাতৃত্বৰ বোজা
এখন বিশেষ জুলনা আৰু মানৱতাক ধৰি ৰখাৰ চেষ্টা ৷ আপোনাৰ অনাকাংক্ষিত ভূলৰ সমিধান এই বিশেষ জুলনাখন ৷ কিন্তু কিয়? কেনেকৈ ?

মানৱতাৰ এখন জুলনা!
সমাজত সততে সংঘটিত হৈ থকা বহু অনাকাংক্ষিত ঘটনাবহুল সমস্যাৰ মাজতে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে নলবাৰীৰ অন্যতম স্বেচ্ছাসেৱী নলবাৰীৰ অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চই ৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন....
মানৱতাৰ এখন জুলনা!
মানৱতাৰ এখন জুলনা!
Slug Baby care point story
3jun19
Story ftp
*অাপুনি অাপোনাৰ অানাকাংক্ষিত শিশুটিক ত্যাগ কৰিৱ খুজিলে ড্ৰেনত বা জাৱৰৰ দমত নহয় জুলনাখনত থৈ বেলটো বজাই দি থৈ যাওক………*
শিশুটিৰ দায়িত্ব লব নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চই।এক প্ৰশংসনীয় পদক্ষেপ। এক প্ৰতিবেদন।
VO=স্বেস্বাসেৱী অনুষ্ঠানৰ ব্যাতিক্ৰমী পদক্ষেপে অাশাৰ ৰেঙনি কঢ়িয়াই অানিছে বহুটো নি-সন্তান দম্পওিলৈ।
অাজিৰ সমাজত অনাংকাক্ষিত ভাৱে বহুতো শিশুৰ জন্ম হয়। সমাজৰ মুখ লজ্জাৰ ভয়ত এই দেৱ শিশুটিক পথৰ দাঁতিত,ড্ৰেনত বা জাৱৰৰ দমত পেলাই থৈ যায় । যাৰ ফলত শিশুটো মূত্যু মুখত পৰে অাৰু অান কিছুমানে বিভিন্ন মাধ্যমৰে মাজেৰে শিশু জন্মৰ অাগতে হত্যা কৰি,অবৈধ ভাৱে গৰ্ভপাত কৰি মাতৃত্বৰ বোজাৰ পৰা মুক্ত হৈ যাৱলৈ চেষ্টা কৰে । কিন্তুু নলবাৰীৰ স্বেস্বাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চই এক ব্যাতিক্ৰমী কাৰ্য্যসূচী হাতত লৈছে। স্বেস্বাসেৱী অনুষ্ঠানটোৱে নিজৰ গেটৰ সন্মুখত "বেবী কেয়াৰ পইন্ট" স্হাপন কৰি তাত জুলনা এখন থৈ এটা বেল স্হাপন কৰিছে অাৰু সেই বেলটো বজাই দিলে,তেওলোকে বুজি উঠিৱ যে কোনোৱাই দেৱ শিশু থৈ গল । তাৎতক্ষনিক ভাবে তেওলোক অাহি শিশুটিক তেওলোকৰ শিশু পালন কৰা গৃহলৈ নি সপূৰ্ণ ভাৱে যত্ন লৱ ।অবৈধ সম্পৰ্কৰ ফলত জন্ম লাভ কৰা অনাকাংক্ষিত শিশুটিক থৈ যোৱাৰ পিছত শিশুটিৰ সপূৰ্ণ যত্ন অাৰু দায়িত্ব পালন কৰি অাইনি প্ৰক্ৰিয়াৰ মাজেৰে কোনোৱা নি-সন্তান দম্পওিৰ হাতত তুলি দিৱ । ইতিমধ্যে ৩টা শিশু এনেদৰে পালন কৰি ৩ যোৰ নি-সন্তান দম্পওিৰ হাতত গটাইযো দিছে স্বেস্বাসেৱী অনুষ্ঠানটোৱে ।ইতিমধ্যে এগৰাকী নাৰ্চ সহ ভালে কেইগৰাকী পুৰুষ-মহিলাই এই দায়িত্ব পালন কৰি অাহিছে ।উল্লেখ্য যে গ্ৰাম্য বিকাশ মঞ্চ নামৰ এই স্বেস্বাসেৱী অনুষ্ঠানটোৰ পদক্ষেপে বহুটো নি-সন্তান দম্পওিৰ বাৱে অাশাৰ ৰেঙনিও কঢ়িয়াই অানিছে ।গ্ৰাম্য বিকাশ মঞ্চৰ এই পদক্ষেপে হয়টো কোনো শিশু ড্ৰেনত,জাৱৰ দমত বা ৰাস্তাৰ দাঁতিত পেলাই থৈ যোৱা খবৰ হয়টো কিছু পৰিমানে নাইকিয়া কৰিৱ ।
বাইট-.
((বাইট ইংৰাজী আৰু হিন্দী পঠোৱা হৈছে।))
নলবাৰীৰ পৰা কৈলাস ডেকা।ETV ভাৰত অসম।