ETV Bharat / state

Tihu Sub-District: দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে, আমি সুখী ! বিজেপি কৰ্মী

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 5:03 PM IST

উৎফুল্লিত টিহুবাসী ৷ টিহুক উপ-জিলা হিচাপে ঘোষণা কাৰৰ পাচতে উৎফুল্লিত ৰাইজ ৷ ‘‘দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা বিষয়টো সন্মান জনালে মুখ্যমন্ত্ৰীয়ে ৷’’ এই মন্তব্য টিহু বিজেপি কৰ্মীৰ ৷

Tihu Sub District
দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে আমি সুখী

নলবাৰী, 26 আগষ্ট : 100 সংখ্যক কেবিনেটত ৰাজ্য চৰকাৰে লোৱা কেতবোৰ সিদ্ধান্তই আনন্দমুখৰ কৰি তুলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ বিশেষকৈ চাৰিখনক বিলুপ্ত জিলাক পুনৰ জিলা হিচাপে ঘোষণা আৰু 81 খন উপ-জিলা ঘোষণা কৰাৰ পাচতে আন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত শুক্ৰবাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তত অনুসৰি নতুনকৈ 81 খন উপ-জিলা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷

সেই অনুসৰি নলবাৰীত জিলাতো বৰক্ষেত্ৰী আৰু টিহুক উপ-জিলা হিচাপে ঘোষণা কৰা হৈছিল । কিছুদিন পূৰ্বে ঘোষণা হোৱা নতুন বিধানসভা সমষ্টিৰ তালিকাতো অন্তভূক্ত হৈছিল টিহু । এইবাৰ পুনৰ আন এক ভাল খবৰ লাভ কৰি উৎফুল্লিত টিহুবাসী । টিহুক উপ-জিলা হিচাপে ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ টিহু মণ্ডল বিজেপিৰ ।

শনিবাৰে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বিজেপি কৰ্মীসকলে কয় যে, টিহুবাসীয়ে দীৰ্ঘদিন মহকুমাৰ দাবী কৰি আহিছে । নামনি অসমৰ অন্যতম বাণিজ্যিক কেন্দ্ৰস্থল নলবাৰী জিলাৰ টিহুক সদৰ হিচাপে লৈ মহকুমা ঘোষণা কৰাৰ দাবীত টিহুবাসীয়ে ১৯৭৪ চনৰ পৰা ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে । আনকি টিহুক মহকুমা ঘোষণা কৰাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ ২০১৫ চনৰ ১৭ জুলাইত চিআৰপিএফৰ গুলীত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী হিমাংশু তামুলীয়ে প্ৰাণ আহুতি দিছিল । অৱশেষত টিহুৱে লাভ কৰিলে উপ-জিলাৰ মৰ্যাদা । এটা দীৰ্ঘ সময় ধৰি বিভিন্ন দল সংগঠন আৰু টিহুৰ ৰাইজে জনাই অহা দাবীক সন্মান জনাই টিহু উপ-জিলা লাভ কৰিলে টিহুবাসীয়ে ।

শুকুৰবাৰে এই খবৰ লাভ কৰাৰ পিচতে টিহুৰ বিভিন্ন স্থানত আতচবাজী, ফটকা ফুটাই আনন্দ-উল্লাস কৰিছে ৰাইজে । সমান্তৰালকৈ টিহু মহকুমাৰ দাবীৰে আন্দোলন কৰিবলৈ গৈ চি আৰ পি এফৰ গুলীত প্ৰাণ আহুতি দিয়া ছাত্র নেতা হিমাংশু তামুলীৰ বাসগৃহলৈ গৈ টিহু মহকুমা বিজেপি কৰ্মীয়ে প্ৰথমে শ্বহীদগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে । লগতে শ্বহীদগৰাকীৰ পৰিয়ালক সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিজেপি নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক:SP Sudhakar Singh PC: সোপাধৰাৰ উৰাবাতৰিত আতংকিত নোহোৱাৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.