নলবাৰী, 9 জুলাইঃ কৃত্ৰিম বানৰ কৱলত নলবাৰী চহৰ। বৰষুণৰ ফলত নলবাৰী চহৰত থকা পথ উপ-পথসমূহ পানীৰে উপচি পৰাৰ ফলত জ্বলাকলা খাইছে সাধাৰণ ৰাইজে। কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে মঙলবাৰে চহৰখনৰ কলেজ ৰোডত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰী সকলে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক তীব্ৰ সমালোচনা কৰি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰক,নলবাৰী পৌৰ সভা হায় হায় আদি শ্লোগানেৰে পানীৰ ওপৰতে সাব্যস্ত কৰে প্ৰতিবাদ। আনহাতে পৌৰ সভাৰ অকৰ্মণ্যতাৰ বাবে বছৰ বছৰ ধৰি নলবাৰী চহৰ কৃত্ৰিম বানৰ কৱলত পৰাৰ অভিযোগ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ ৷
লগতে পঢ়কঃ ধেমাজিত চিয়াং নৈৰ সংহাৰী ৰূপঃ আতংকিত ৰাইজ