নলবাৰী 29 মেঃ নলবাৰী চকবজাৰস্থিত আগশাৰীৰ অনুষ্ঠান শংকৰদেৱ একাডেমিত বুধবাৰে অসম প্ৰতিষ্ঠানৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমিৰ সহযোগত উদীয়মান কবি অম্লান জ্যোতি তালুকদাৰৰ ডায়েৰী পাতৰ শ্বায়েৰী নামৰ কবিতা পুথি এখন উন্মোচন কৰা হয় ৷ দিনেশ তালুকদাৰে আদৰণী ভাষণ আগবঢ়োৱা আৰু শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উদীয়মান কবি অম্লান জ্যোতি তালুকদাৰে ৷ উক্ত অনুষ্ঠানতটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰঞ্জনা ভট্টাচাৰ্য, দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ থানেশ্বৰ শৰ্মা আৰু মৰোৱা আনন্দ ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাক্ষ লোহিত চন্দ্ৰ তালুকদাৰ ৷ উক্ত সভাখনৰ আৰম্ভণিতে বিশিষ্ট চিত্ৰশিল্পী বেনু প্ৰসাদ মিশ্ৰৰ বিদহী আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷
এই সভাত তৰুণ প্ৰজন্ম সাহিত্যৰ প্ৰতি আকৰ্ষিত হ’ব লাগে আৰু কবিতাৰ বাবে যথেষ্টখিনি অধ্যয়ন কৰিব লাগিব বুলি মন্তব্য কৰে উপন্যাসিক, প্ৰবন্ধকাৰ পংকজ গোবিন্দ মেধিয়ে ৷ মেধিয়ে লগতে নলবাৰীত সময়ৰ লগে লগে বহুকেইজন কবি আজি প্ৰতিষ্ঠিত হৈছে এয়া একমাত্ৰ অধ্যয়নৰ ফলতেই হ’ব পাৰিছে বুলিও কয় ৷ আনহাতে কবিতা, সাহিত্য চিৰস্থায়ী হোৱাৰ বাবে নতুন প্ৰজন্মক আহ্বান জনায় পংকজ গোবিন্দ মেধিয়ে৷