ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীক চিনি নাপায় মন্ত্ৰী ভৱেশ কলিতাই

বিৰোধীক সমালোচনা জলসিঞ্চন মন্ত্ৰীৰ ৷ ক’লে নতুন বাজেটৰ জৰিয়তে আগবাঢ়ি যাব দেশৰ মহিলাসকল ৷

বিৰোধীক সমালোচনা জলসিঞ্চন মন্ত্ৰীৰ
author img

By

Published : Jul 6, 2019, 2:10 PM IST

নলবাৰী, 6 জুলাইঃ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বাবে পৰিচিত নহয় মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ যি সময়ত কংগ্ৰেছৰ বিধায়ক জনৰ বিজেপিত যোগদানৰ বাতৰিৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চিত হৈছে আছে তেনে এক সময়তে মন্ত্ৰী গৰাকীৰ এই মন্তব্যই বিভিন্ন মহলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ সভাত নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ কাৰণে যদি চিন্তা কৰা দল আছে সেইটো হ'ল বিজেপি দল ৷ তেওঁৰ মতে বিজেপি দল কেৱল ভাৰতৰে নহয় পৃথিৱীৰ ভিতৰতে এক বিশাল ৰাজনৈতিক দল ৷ সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি আগমনৰ বাতৰিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ৰূপজ্যোতি কুৰ্মী কোন তেওঁ চিনি নাপায় ৷ কেৱল কুৰ্মীয়ে নহয় সময়ত সকলোৰে বিজেপিলৈ আগমন ঘটিব বুলি তেওঁ দৃঢ় বিশ্বাসী ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমত তিনি বছৰ শাসন কালত বিজেপিয়ে অন্য দলক তিনি গল দিছে আৰু বাকী থকা দুবছৰত দুই গল দি নিজৰ স্ক’ৰ পাঁচ গল লৈ বৃদ্ধি কৰিব ৷

সদ্যঘোষিত কেন্দ্ৰীয় বাজেট সম্পৰ্কে মন্ত্ৰী কলিতাই কয় যে, নতুন বাজেটে সমগ্ৰ দেশক চুই গৈছে ৷ এই বাজেটৰ দ্বাৰা ভাৰতবৰ্ষৰ মহিলাসকল আগবাঢ়ি যাব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে নলবাৰীৰ টিহুৰ নাথকুছিত জলসিঞ্চন বিভাগৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা জিৰণি চ’ৰা উদ্বোধন কৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷ সভাত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাৰ লগতে বিভাগৰ কাৰ্যবাহী অভিযন্তা সত্যনাথ কলিতাৰ আৰু আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে বিধায়ক কুৰ্মীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া হে হ'ব লক্ষণীয় ৷

টিহুৰ নাথকুছিত জলসিঞ্চন বিভাগৰ পুনৰ নিৰ্মিত জিৰণি চৰা উদ্ধোধন জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ

নলবাৰীৰ টিহুৰ নাথকুছিত জলসিঞ্চন বিভাগৰ পুনৰ নিৰ্মিত জিৰণি চৰা উদ্বোধন কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী কোন বুলি মন্তব্য কৰে ৷

Intro:নলবাৰীৰ টিহুত জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা।জনসিঞ্চন বিভাগৰ পুনৰ নিৰ্মিত জিৰণি চৰা উদ্ধোধন।

#অসমত আৰু বেলেগ দল নাথাকে_ভৱেশ কলিতা#

#অসমৰ কাৰণে যদি চিন্তা কৰা দল আছে তেতিয়াহলে সেইটোৱে বিজেপি_ভৱেশ কলিতা#

#আজি ভা:জ:পা: পৃথিৱীৰ ভিতৰত বিশাল পাৰ্টী_ভৱেশ কলিতা#

#কোন ৰূপজ্যোতি কুৰ্মী_ভৱেশ কলিতা#

#ৰূপজ্যোতি কুৰ্মীয়ে নহয় সকলো আহিব বিজেপিলৈ_ভৱেশ কলিতা#

#তিনি বছৰত বিজেপিয়ে অইন দলক দিছে তিনি গল_ভৱেশ কলিতা#

#বাকী থকা দুবছৰত আৰু দুই গল দি পাচ গল কৰিব_ভৱেশ কলিতা#

টিহুৰ এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ৷

VO=নলবাৰীৰ টিহুৰ নাথকুছিত জলসিঞ্চন বিভাগৰ পুনৰ নিৰ্মিত জিৰণি চৰা জনসিঞ্চন বিভাগৰ মন্ত্ৰী ভবেশ কলিতাই উদ্ধোধন কৰে।উদ্ধোধন কৰি মন্ত্ৰী গৰাকীয়ে এখন সভা ও সম্বোধন কৰে।সভাত উপস্থিত থাকে জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,নলবাৰী জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্য্য বাহী অভিযন্তা সত্যনাথ কলিতাৰ লগতে বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বাজেট সম্পৰ্কত মন্তব্য আগবঢ়াই।ভাৰতবৰ্ষৰ মহিলা সকল নতুন বাজেটৰ জৰিয়তে আগবাঢ়ি যাব ,মহিলাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে, সমগ্ৰ দেশক বাজেটে চুই যোৱাৰ কথা উল্লেখ কৰে।লগতে ধন্যবাদ জনাই বিত্তমন্ত্ৰী গৰাকীক জনাই।Body:বাইট ভৱেশ কলিতাConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.