গুৱাহাটী,৬ এপ্ৰিল: বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ (Assam Pradesh Congress Committee) সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই এখন সংবাদমেল আয়োজন বিজেপি চৰকাৰক তুলাধুনা দিয়ে (Chairman Ratul Kalita slams BJP) ৷ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত সংবাদমেল সম্বোধন কৰি ৰাতুল কলিতাই জলসিঞ্চন বিভাগত ঠিকাৰ নামত হোৱা জালিয়াতিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে (Irrigation department contract scam)।
তেওঁ কয় যে, জলসিঞ্চন বিভাগৰ "দীপ টিউবৱেল" স্থাপনৰ বাবে নিবিদা আহ্বানৰ বিজ্ঞাপন প্ৰকাশ পাইছিল । এই ঠিকাৰ বাবে ভুৱা নথিৰে নিবিদা দাখিল কৰে অঞ্জন ডেকা নামৰ নলবাৰীৰ এজন প্ৰৱঞ্চক বিজেপি নেতাই (Press Meet on Irrigation department scam)। অঞ্জন ডেকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অতি ঘনিষ্ঠ আৰু নলবাৰী জিলা বিজেপিৰ সম্পাদক ।
তেওঁ লগতে কয় যে, জলসিঞ্চনৰ এই ঠিকাৰ বাবে জমা দিয়া নথি অনুসৰি অঞ্জন ডেকাই ঠিকাদাৰ শ্যমলা দৈমাৰী আৰু জে জি এছ'চিয়েটছৰ লগত চাব কন্ট্ৰেক্ট কৰাৰ নথি দাখিল কৰিছিল (APCC social media department press meet)। কিন্তু সেই দুয়োটা কোম্পানীৰ ৱৰ্ক অৰ্ডাৰত উল্লেখেই নাই অঞ্জন ডেকাৰ নাম । এই সকোলোবোৰ তথ্য ফাদিল হৈছে আৰ টি আই তথ্যত ৷ যি কেইজন ঠিকাদাৰৰ লগত কাম কৰা বুলি উল্লেখ কৰি ঠিকাৰ বাবে অৰ্হতা সম্পন্ন বিবেচিত হৈছিল সেই কেইজন ঠিকাদাৰৰ লগত অঞ্জন ডেকাই কাম কৰাৰ কোনো তথ্য নাই ।
এতিয়া প্ৰশ্ন হৈছে যে কিমান মোটা অংকৰ ধনত মেনেজ হৈছিল মুখ্য অভিযন্তা, কাৰ্যকৰী অভিযন্তা । মুখ্য অভিযন্তা আৰু কাৰ্যকৰী অভিযন্তাৰ লগত সু-সম্পৰ্ক ৰক্ষাৰ বাবেই অঞ্জন ডেকাৰ প্ৰতি ইমান দৰদ নেকি ? ভুৱা নথিৰে ৱৰ্ক-অৰ্ডাৰ পোৱা অঞ্জন ডেকাৰ বিৰুদ্ধে তদন্ত হ’ব লাগে । ইয়াৰোপৰি মুখ্য অভিযন্তা আৰু কাৰ্যকৰী অভিযন্তাৰ বিৰূদ্ধে তদন্ত ঘোষণা কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে কলিতাই ৷
ৰাতুল কলিতাই মন্ত্ৰী জয়ন্ত বৰুৱাক প্ৰশ্ন কৰি কয় যে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Minister Jayanta Malla Baruah) হিয়াৰ আমঠু হোৱাৰ বাবে ৰেহাই পাব নেকি অঞ্জন ডেকাই ? বিজেপি নেতা অঞ্জন ডেকাই মদৰ ব্যৱসায় কৰে ৷ মদৰ টকাৰে চৰকাৰ চলোৱা উচিত নহয় । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে নলবাৰী জিলা বিজেপিৰ সম্পাদকৰ দৰে গুৰু পদত অধিষ্ঠিত হৈ আছে মদ বেপাৰী অঞ্জন ডেকা । নে মদৰ বেপাৰৰ টকাৰে চলি আছে বিজেপি দল ? এই সকলো কথা স্পষ্ট কৰিবলৈ আমি বিজেপি দল আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ বুলি কলিতাই সদৰী কৰে ৷
লগতে পঢ়ক: Special weaver from Dhemaji: তাঁতশালত সপোন ৰচা ধেমাজিৰ নীলোৎপলৰ কথাৰে...