ETV Bharat / state

Traditional puppet dance: পুতলাক জীৱন্ত ৰূপ দিয়া শিল্পী গোবিন্দ তালুকদাৰৰ গাঁথাৰে... - পুতলা নাট প্ৰদৰ্শন

এগৰাকী সুনিপুণ পুতলা নাচৰ শিল্পী (Traditional puppet dance)। নিস্প্ৰাণ পুতলাক জীৱন্ত কৰি তোলে পুতলা নাচৰ শিল্পী গোবিন্দ তালুকদাৰে ৷ ৮১ বছৰ বয়সতো শিল্পীগৰাকীয়ে লাভ নকৰিলে শিল্পী পেঞ্চন । তেওঁৰ জীৱনৰ গাঁথাৰে আজিৰ এই বিশেষ প্ৰতিবেদন...

Traditional puppet dance
মৃত পুতলা জীৱন্ত ৰূপ দিয়া শিল্পী গোবিন্দ তালুকদাৰৰ গাঁথাৰে...
author img

By

Published : Aug 11, 2022, 8:04 PM IST

নলবাৰী, 11 আগষ্ট : পুতলা নাচ ৷ ভাৰতীয় নাট্য সাহিত্যৰ আদি স্বৰূপ এই পুতলা নাচৰ বিষয়ে হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই (Traditional puppet dance) ৷ অসমৰ গ্ৰাম্য চহা জীৱনৰ লোকশিল্পীৰ সুনিপুণ কলাত আজিও জীয়াই আছে পুতলা নাচ । কাঁহ পৰি জীণ যোৱা পৰিৱেশত পুতলা নাচত আজিও বিভোৰ হৈ পৰে গাঁৱলীয়া চহা জীৱন ।

অৱশ্যে লোকচক্ষুৰ সন্মুখৰ পৰা ক্ৰমশঃ হেৰাই যাব ধৰিছে ভাৰতীয় নাট্য সাহিত্যৰ আদি স্বৰূপ এই পুতলা নাচ ৷ পুতলা নাচ শিল্পৰ লগত আজিও জড়িত হৈ আছে এগৰাকী শিল্পী ৷ মৃত পুতলাক জীৱন্ত ৰূপ দিয়ে শিল্পীগৰাকীয়ে ৷ নাম গোবিন্দ তালুকদাৰ ৷ বয়স চাৰি কুৰি এবছৰ ৷

মৃত পুতলা জীৱন্ত ৰূপ দিয়া শিল্পী গোবিন্দ তালুকদাৰৰ গাঁথাৰে...

শিল্প সাধনাৰ বাবেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি, আৰ্থিক দৈন্যতাই আনি দিয়া বঞ্চনা, জ্বালা-যন্ত্ৰণাক হাঁহিমুখে স্বীকাৰ কৰিও নিজ সাধনাৰে লোক সংস্কৃতিৰ পথাৰ চহকী কৰি ৰাখিছে নলবাৰীৰ নিজ বাহজানী গাঁৱৰ গোবিন্দ তালুকদাৰে (An artist trying to revive the puppet theatre)। এইগৰাকী সহজ-সৰল গ্ৰাম্য শিল্পীয়ে জৰাজীর্ণ পঁজাতেই জীয়াই ৰাখিছে অসমৰ লোক জীৱনত সজীৱ হৈ থকা লোকশিল্প পুতলা নাচৰ সাধনা ।

ল’ৰালি কালতেই পুতলা নাচ দলৰ সহযোগী হিচাপে শিল্পৰ পৃথিৱীত প্ৰথমটো খোজ দি পুতলা নাট প্ৰদৰ্শনৰ (Puppet dance performance) বিভিন্ন কৌশল, খোল বাদন, নেপথ্য সংলাপ ইত্যাদি সকলো কাৰিকৰী দিশৰ জ্ঞান আহৰণ কৰি আজি চাৰিকুৰি বছৰ অতিক্ৰম কৰাৰ পিচতো জীয়াই ৰাখিছে পুতলা নাটৰ দলটিক ।

পুতলা নাট প্ৰদৰ্শনৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শিল্পীগৰাকীৰ পৰিয়ালক তাহানিৰ পৰা আজিলৈকে লগ এৰা নাই আৰ্থিক দৈন্যতাই ৷ তথাপিও তেওঁ অসমৰ লোক সংস্কৃতিৰ পথাৰখনত অৰিহণা যোগোৱাৰ নিৰলস ভাৱে প্ৰচেষ্টা বৰ্তমানেও অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : পুতলা থিয়েটাৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস এটি শিল্পী দম্পতীৰ

নাট প্ৰদৰ্শনৰ ধনেৰে জোৰা টাপলি মাৰি পাঁচজনী ছোৱালী, দুটা ল’ৰা সন্তান আৰু পত্নীৰে ৯ জনীয়া পৰিয়ালটোৰ অভাৱ- অভিযোগবোৰক নিচুকাবলৈ প্ৰয়াস কৰা এইগৰাকী শিল্পীয়ে জীৱনৰ ৮১ বছৰ বয়সতো আজিলৈ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ’ল । পাঁচবাৰ আবেদন কৰিও পোৱা নাই শিল্পী পেঞ্চন ।

An artist trying to revive the puppet theatre
মৃত পুতলা জীৱন্ত নাচ দিয়ে পুতলা নাচৰ শিল্পী গোবিন্দ তালুকদাৰ

উল্লেখযোগ্য যে বিভিন্ন সন্মানৰে বিভূষিত এইগৰাকী শিল্পীৰ ওপৰত পৰা নাই চৰকাৰৰ সুদৃষ্টি । বিভিন্ন সময়ত বিভিন্নজনে শিল্পী পেঞ্চনৰ আশ্বাস প্ৰদান কৰিলেও সেয়া মাথো প্ৰতিশ্ৰুতিৰ ফুলজাৰীতেই সীমাবদ্ধ থাকিল । আৰ্থিক কাৰণতেই বিভিন্ন পুতলা আজিও আধৰুৱা হৈয়ে থাকিলে ৷ শিল্পী গোবিন্দ তালুকদাৰৰ আশা - "এদিন নহয় এদিন, তেওঁ আধৰুৱা পুতলাসমূহ সম্পূর্ণকৈ সজাই তুলিব; এদিন নহয় এদিন নতুন নতুন মানুহক প্ৰশিক্ষণ দি নাট প্ৰদৰ্শন কৰিব ৷ আনহাতে এদিন নহয় এদিন তেওঁ লাভ কৰিব শিল্পী পেঞ্চন"।

এতিয়া প্ৰশ্ন হয়, চৰকাৰে বাৰু দিয়েনে যোগ্যজনক উচিত সন্মান ! নলবাৰী সমষ্টিৰ অন্তৰ্গত "নিজ বাহজানী"ৰ এইগৰাকী শিল্পীৰ ওপৰত পৰিবনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সু-দৃষ্টি ! নে সকলোকে পুতলা নাচৰ জৰিয়তে আমোদ দিয়া শিল্পীগৰাকীয়ে এনেদৰে পাৰ কৰিব লাগিব সময় ।

লগতে পঢ়ক : শিৱসাগৰৰ শ্ৰী শ্ৰী জকাই সত্ৰত পৰম্পৰাগত পুতলা নাচ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.