নলবাৰী, ২ মাৰ্চ : নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ব্যাপক কেলেংকাৰী নিতৌ ফাদিল হৈ আহিছে (PMAY scam in Nalbari) । এইবাৰ ৬৪ নং ভাংনামাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana, PMAY) আঁচনিৰ দুৰ্নীতিৰ আন এক তথ্য পোহৰলৈ আহিছে । যেন কৈ থাকিলেও ওৰকে নপৰিব বৰক্ষেত্ৰীৰ চৰকাৰী আঁচনিৰ কেলেংকাৰীৰ কথা । ভুৱা তথ্যৰে দালাল চক্ৰই জালিয়াতিৰে সৰকাই আছে ইখনৰ পিছত সিখন পঞ্চায়তৰ হিতাধিকাৰীৰ ধন ।
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬৪ নং ভাংনামাৰী গাঁও পঞ্চায়তত পুনৰ আন এগৰাকী প্ৰধানমন্ত্ৰা গ্ৰামীণ আৱাস যোজনাৰ (Pradhan Mantri Gramin Awas Yojana, PMGAY) হিতাধিকাৰীৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে (fraud in PMAY scheme in Nalbari panchayat) । আবেদা বেগম নামৰ মহিলাগৰাকীৰ AS1484612 আই ডি নম্বৰত ঘৰ নিৰ্মাণৰ বাবদ চৰকাৰে দিয়া ধন অন্য লোকৰ বেংক একাউণ্টত জমা কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ।
এতিয়ালৈকে তিনিটা কিস্তিত মুঠ ১,৩০,০০০ টকা জালিয়াতিৰে হাজো সমষ্টিৰ ফকৰ আলী নামৰ লোক এজনৰ একাউণ্টত জমা কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে (allegation of scam in PMAY in Nalbari) । ফকৰ আলীক মহিলাগৰাকীৰ স্বামী সজাই উক্ত টকাখিনি আত্মসাৎ কৰাৰ অভিযোগ । পঞ্চায়তটোৰ সচিব ফৰিদ আলীয়ে মধ্যভোগীৰ লগত লগ লাগি এই দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে ।
আনহাতে, মহিলাগৰাকীক পঞ্চায়ত সচিব ফৰিদ আলীয়ে দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ কৰে । এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নলবাৰী জিলা উপায়ুক্ত আৰু বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিও কোনো সুফল পোৱা নাই ভুক্তভোগী মহিলাগৰাকীয়ে । আনহাতে, একেখন পঞ্চায়তৰে ৰহিজ আলী নামৰ লোকজনে AS1803417 আই ডি নম্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিছিল । কিন্তু গৃহ নিৰ্মাণৰ শেষত শ্ৰমিকৰ বাবদ পাবলগা ধনখিনি কচিমন নামৰ মহিলা এগৰাকীৰ জবকাৰ্ড ব্যৱহাৰ কৰি মধ্যভোগীয়ে আত্মসাৎ কৰিছে ।
জানিব পৰা মতে, হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ শেষত শ্ৰমিকৰ বাবদ জবকাৰ্ডৰ জৰিয়তে ২১,৭৫৫ টকা প্ৰদান কৰে । পঞ্চায়তখনত ৰহিজ আলীৰ দৰে আৰু বহুতো হিতাধিকাৰীৰ শ্ৰমিকৰ বাবদ পাবলগা ধন জালিয়াতিৰে মধ্যভোগীয়ে আত্মসাৎ কৰিছে । উল্লেখযোগ্য যে পঞ্চায়তটোৰ একাংশ বিষয়া, কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে একাংশ মধ্যভোগীৰ সৈতে মিলি দৰিদ্ৰ লোকৰ নামত আবণ্টিত এই ধন জালিয়াতিৰে আত্মসাৎ কৰি অহাৰ অভিযোগ নিতৌ ফাদিল হৈ আহিছে । এইসকল বিষয়া, কৰ্মচাৰী, পঞ্চায়ত প্ৰতিনিধি আৰু মধ্যভোগীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ হাতত ল'ব সেইটোহে এতিয়া লক্ষণীয় হ'ব ।
লগতে পঢ়ক :Bamboo bridge in Jonai : এখন বাঁহৰ সাকো আৰু সহস্ৰাধিক জনতা, যাতায়তৰ অতি দুখ লগা ছবি