নলবাৰী ,১১ ডিচেম্বৰ: নলবাৰীৰ মহিনাত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন(All Assam Kalita Alpine Peoples Conference in Nalbari) । নলবাৰীৰ ধমধমা মহিনাৰ কুমাৰ ভাস্কৰবাৰ্মা ক্ষেত্ৰত সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মূল খুঁটা স্থাপনেৰে শীৰ্ষ গীত মুকলি কৰা হয় ।
২০২৩ বৰ্ষৰ ২৮ ,২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব কলিতা আলপাইন জনগোষ্ঠীৰ অধিৱেশন । অধিৱেশনৰ শীৰ্ষ গীত মুকলি কৰে অসম চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে (Singer Simanata Shekhar)। কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ শীৰ্ষ গীত মুকলি কৰি অসম চলচিত্ৰ অধ্যক্ষ সীমান্ত শেখৰে পোনতে নিজৰ অস্বিত্ব তথা অধিকাৰ সন্দৰ্ভত সদা সতৰ্ক থাকিবলৈ সকলো জাতি জনগোষ্ঠীলৈ আহ্বান জনায় ।
ভূমিপুত্ৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট কাম কৰি অহা বুলি উল্লেখ কৰাৰ লগতে নামনি অসমৰ ভূমিপুত্ৰ সকলক ভূমি অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে অহৰহ কাম কৰি থকা বুলি কয় চলচিত্ৰ নিগমৰ অধ্যক্ষজনে । উল্লেখ্য যে, ভাষণ প্ৰসংগত পমুৱা মুছলমানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয় চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ।
প্ৰসংগক্ৰমে নামনি অসমখন ভূমিপুত্ৰ খিলঞ্জীয়াৰ পৰা পমুৱা মুছলমানৰ গ্ৰাসত যোৱা বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায় । অসমৰ ভূমিপুত্ৰ সকলক পমুৱা মুছলমানৰ হাতত মাটি বিক্ৰী নকৰিবলৈও আহ্বান জনায় অসম সীমান্ত শেখৰে । আনহাতে কলিতা আলপাইন জনগোষ্ঠীৰ লাইখুঁটা স্থাপন কৰি নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ স্বতাধিকাৰী গনেশ তামুলীয়ে সকলো জাতিকে চৰকাৰে সমান চকুৰে চাবলৈ আহ্বান জনায় অন্যথা সকলোৰে জনগোষ্ঠীয় মৰ্যাদা কৰ্তন কৰাৰ বাবে চৰকাৰে দাবী জনায় ।
উক্ত অনুষ্ঠানটোত উপস্থিত থাকে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা , নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা , নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ স্বতাধিকাৰী গনেশ তামুলী, কলিতা আলপাইন জনগোষ্ঠীৰ সভাপতি ৰমেন কাকতি, সম্পাদক প্ৰতুল কলিতা, জিলা সমিতিৰ সম্পাদক বুবুল তালুকদাৰ , কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কমল বৰ্মনকে আদি কৰি বিভিন্নজন ব্যক্তি ।
লগতে পঢ়ক: Rahul Gandhi enjoys Bullock Cart: গৰুগাড়ীত উঠি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা