ETV Bharat / state

নলবাৰীৰ জিঅ'ৰ কাৰ্যালয়ত তলা লগালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে - নলবাৰীৰ জিঅ' কাৰ্যালয়ত তলা লগালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

নিম্নমানৰ সেৱাৰ বাবে ৰিলায়েঞ্চ জিঅ'ৰ কাৰ্যালয়ত তলা লগালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰত অৱস্থিত ৰিলায়েঞ্চ জিঅ'ৰ কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে ।

নলবাৰীৰ জিঅ' কাৰ্যালয়ত তলা লগালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

author img

By

Published : Feb 18, 2021, 7:05 PM IST

নলবাৰী,১৮ ফেব্ৰুৱাৰী: নিম্নমানৰ সেৱাৰ বাবে ৰিলায়েঞ্চ জিঅ'ৰ কাৰ্যালয়ত তলা লগালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰত অৱস্থিত ৰিলায়েঞ্চ জিঅ'ৰ কাৰ্যালয়ত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীৰ অভিযোগ কোম্পনীটোৰ সেৱা ব্যৱহাৰ কৰা একাংশ গ্ৰাহকে নিম্ন মানৰ সেৱাৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছে । দৈনিক গ্ৰাহক সকলে অধিক ধন খৰছ কৰে যদিও উন্নত সেৱা লাভৰ পৰা বঞ্চিত গ্ৰাহকসকল । যাৰ বাবে সংগঠনটোৰ কৰ্মীসকলে জিলিকণী চকত থকা জিঅ'ৰ কাৰ্যালয়ত তলা লগাই কোম্পানীক সকীয়নি প্ৰদান কৰে ।

তেওঁলোকৰ হুংকাৰ যদিহে এমাহৰ ভিতৰত গ্ৰাহকসকলে উন্নত সেৱা নাপাই তেনেহ'লে কোম্পানীটোৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে । আনহাতে উন্নত সেৱা প্ৰদানৰ দাবীত কাৰ্যালয়ৰ শাখা পৰিচালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে পৰিচালকগৰাকীয়ে অতি সোনকালে অঞ্চলটোত জিঅ'ৰ সেৱা উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক:SI নিযুক্তি: একে গাঁৱৰে 7 গৰাকী আৰু একে পৰিয়ালৰে 3 গৰাকীয়ে পালে নিযুক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.